October 6, 2025 8:14 PM | SIT Investigation

printer

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আছ আই টিয়ে আজি জুবিন গাৰ্গৰ ষ্টুডিঅ’ৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্রহণ কৰে। এছ আই টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো আজি ভাষ্য গ্রহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল লোকৰো এছ আই টিয়ে ভাষ্য গ্ৰহণ কৰে। কালিৰ দিনটোত এছ আই টিয়ে জুবিন গাৰ্গৰ কেইবাগৰাকী সহ-শিল্পী বাদ্যযন্ত্রী, দেহৰক্ষী, বাহন চালকৰ লগতে কেইবাগৰাকীও অভিনেত্ৰী আৰু সাংবাদিকৰো ভাষ্য গ্রহণ কৰিছিল। আনহাতে মুখ্যমন্ত্ৰীয়ে আজি সংবাদ মেলত কোৱা অনুসৰি ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয় ৰূপকমল কলিতা কাইলৈ ভাৰতলৈ আহিব। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টখনত থকা ৰূপকমল কলিতাই ছিংগাপুৰৰ পৰাই কাইলৈ অহাৰ কথা চি আই ডিক জনাইছে।