ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে। লোকনির্মাণ বিভাগক সমাধি প্রকল্প নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এখন বিশেষ সমিতিয়ে সমাধি প্ৰকল্পত অনুমোদন জনাব বুলি উল্লেখ কৰি তেওঁ কয়, যে এই সমিতিত শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গ প্ৰমুখ্যে ১১ জন ব্যক্তি আছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নৱেম্বৰত গোচৰৰ অভিযোগনামা দাখিল কৰা হ’ব বুলি উল্লেখ কৰে। ড০ শৰ্মাই কয়, যে বিচাৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তাক নিয়োগ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত চৰকাৰী অধিবক্তাৰ নাম ঘোষণা কৰা হ’ব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচজন ব্যক্তিক বাক্সা জিলাৰ কাৰাগাৰলৈ প্ৰেৰণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, যে নিৰাপত্তাৰ স্বাৰ্থতহে তেওঁলোকক বাক্সাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। সেই কাৰাগাৰত অভিযুক্তসকলৰ বাবে কোনোধৰণৰ বিশেষ সুবিধা নাই বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীসভাৰ বৈঠকত আজি অহা ডিচেম্বৰত নামৰূপ সাৰ কাৰখানাৰ আধাৰশিলা স্থাপনত অনুমোদন জনোৱা হয়। তদুপৰি ৰাজ্য চৰকাৰৰ পেন্সনাৰ আৰু কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৫০ শতাংশলৈ বৃদ্ধিত অনুমোদন জনোৱা হয়।
Site Admin | October 16, 2025 8:22 PM | Assam CM Meet
শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ
