ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 30, 2025 12:45 PM | Justice for Zubeen Garg

printer

শিল্পী জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দিপন গাৰ্গক বিশেষ তদন্তকাৰী গোটৰ সোধাপোছা আৰম্ভ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধন শাখাৰ দুগৰাকী বিষয়া ৰাওনা হ’ব। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ বিষয়াইও দিল্লীত ঘটনাৰ অনুসন্ধাৰ বাবে উপস্থিত আছে। ইপিনে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান জনাবলৈ কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ক আনুষ্ঠানিকভাৱে আবেদন জনাইছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যায় প্ৰদান নিশ্চিত কৰাত সহায় হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্রীয়ে কয়, যে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ সন্ধান অসম  আৰক্ষীয়ে লাভ কৰিছে। অহা ২-৩ দিনৰ ভিতৰত অভিযুক্ত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিঙে সাংবাদিকৰ আগত কয় যে এই ঘটনাৰ অনুসন্ধানৰ বাবে এছ আই টিয়ে ইতিমধ্যে ভালেমান তথ্য লাভ কৰিছে যদিও এতিয়াই তথ্যসমূহ ৰাজহুৱা কৰিব পৰা নাযায়। তেওঁ এই তদন্ত প্রক্রিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহ্বান জনোৱাৰ লগতে উৰা বাতৰিত পতিয়ন যোৱা আৰু ভ্ৰান্ত তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়।

শিল্পী জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দিপন গাৰ্গক আজি বিশেষ তদন্তকাৰী গোটে সোধাপোছা কৰিছে। উল্লেখযোগ্য যে, ছিংগাপুৰত আয়োজিত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গৰ সৈতে সন্দিপন গার্গ একেলগে গৈছিল। সেই সন্দৰ্ভতে আজি বিশেষ তদন্তকাৰী গোটে তেওঁক সোধাপোছা কৰাৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙৰ এই মন্তব্যৰৰ পিছতে অভিযুক্ত শ্যামকানু মহন্তই আত্মসমর্পনৰ বাবে সাজু হোৱাৰ কথা জানিব পৰা গৈছে। সামাজিক মাধ্যম ফেচবুকৰ এটা পোষ্টত তেওঁ কয় যে শীঘ্ৰে তেওঁ অসমলৈ আহি আছে। আৰক্ষীৰ সৈতে ইতিমধ্যে যোগাযোগ কৰাৰ কথাও তেওঁ পোষ্টটোত উল্লেখ কৰে।