ডাউনলোড
মোবাইল এপ

android apple
signal

September 20, 2025 12:40 PM | Jubin Garg Death

printer

শিল্পী জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ

প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি কেৱল ৫৩ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা অসমবাসীৰ অতিকে মৰমৰ জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ হৈ পৰিছে। শিল্পীগৰাকীৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা আজি অসমলৈ অনাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তৰ সৈতে এই বিষয়ত সঘন যোগাযোগ ৰক্ষা কৰিছে। কালি শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে শোকাহত পৰিয়াল, আত্মীয় আৰু গুণমুগ্ধসকলক সমবেদনা জ্ঞাপন কৰে। ড০ শৰ্মাই সাংবাদিকৰ আগত কয়, যে ৰাজহুৱাভাৱে প্ৰিয় শিল্পীগৰাকীক শেষ শ্রদ্ধা জনোৱাৰ বাবে তেওঁৰ নশ্বৰদেহ সৰুসজাই ষ্টেডিয়ামত ৰখা হ’ব। তেওঁ লগতে কয়, যে পৰিয়ালৰ সৈতে চৰকাৰে আলোচনা কৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান চূড়ান্ত কৰিব৷অসমীয়া সংগীতৰ এটা যুগৰ স্ৰষ্টা ক্ষণজন্মা শিল্পীগৰাকীৰ মৃত্যুত দেশ-বিদেশত থকা অসংখ্য গুণমুগ্ধ শোকস্তব্ধ হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানত কালি সন্ধিয়া প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰা হয় ৷
জুবিন গাৰ্গৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাহুল গান্ধী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বলিউদৰ বিশিষ্ট গায়ক, সংগীত পৰিচালক প্ৰমুখ্যে অজস্র গুণমুগ্ধই গভীৰ শ্রদ্ধা নিবেদন কৰিছে।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ছিংগাপুৰত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ সাগৰত সাঁতোৰাৰ সময়ত হঠাৎ অসুস্থ হৈ কালি জুবিন গাৰ্গে মৃত্যুক আঁকোৱালি লয়। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত অপ্ৰতিদ্বন্দ্বী হৈ ৰোৱা কণ্ঠশিল্পী গৰাকীয়ে কেৱল অসমীয়াই নহয়, বাংলা, হিন্দী আৰু আন কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ কৰি থৈ গৈছে।
উল্লেখযোগ্য যে অসমীয়া সংগীত জগতত বৰ্ণিল যুগৰ সূচনা কৰা জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। ১৯৯২ চনত অনামিকা এলবামেৰে সংগীত যাত্ৰা আৰম্ভ কৰা জুবিন গাৰ্গে নৱপ্ৰজন্মক পুনৰ অসমীয়া আধুনিক গীতৰ অনুৰাগী কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বাংলা ছবি শুধু তুমিৰ বাবে ২০০৫ চনত তেওঁ বংগীয় চলচ্চিত্র সমালোচক সংস্থাই আগবঢ়োৱা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। ২০০৭ চনত হিন্দী ছবি গেংষ্টাৰৰ য়া আলী শীৰ্ষক গীতটোৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তদুপৰি ইংৰাজী-খাচী ছবি ইক’জ অব ছাইলেন্স ছবিৰ বাবে তেওঁ শ্রেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰিছিল। সংগীতৰ মহান পূজাৰীগৰাকীৰ মৃত্যুত আমি শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।