শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব

প্ৰতিগৰাকী অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গক সুঁৱৰি অহা ১৯ নৱেম্বৰত ২০০ গৰাকীৰো অধিক কণ্ঠশিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিব । কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজিত জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য শীৰ্ষক অনুষ্ঠানত জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক, আধুনিক, লোকসংগীত, জনজাতীয় গীতকে ধৰি সকলো ধৰণৰ প্ৰায় দুকুৰি গীত শিল্পীসকলে পৰিৱশন কৰিব। কণ্ঠশিল্পীসকলৰ সামূহিক প্ৰচেষ্টাত আয়োজিত এই ব্যতিক্রমী শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। জনপ্রিয় কণ্ঠশিল্পী তৰালী শৰ্মা, ৰূপম ভূঞা, নির্মালী দাস, বর্ণালী কলিতা, অনুপম শ‍ইকীয়া আৰু সুবাসনা দত্ত অনুষ্ঠানটিৰ আহ্বায়কৰ দায়িত্বত আছে। অনুষ্ঠান উপভোগ কৰাৰ বাবে কোনো প্ৰৱেশ পত্ৰৰ প্ৰয়োজন নাথাকিব বুলি আহ্বায়কসকলে জানিবলৈ দিছে।