সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত, অসমৰ লোক সংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হয়। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে ১৯৬৫ চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোক সংগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। প্ৰথমে আকাশবাণীৰ সুৰকাৰ হিচাপে নিয়োজিত হৈ পাছলৈ সংগীত প্ৰযোজকৰ দায়িত্ব গ্ৰহণ কৰে। ২০০১ চনত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে অসমীয়া লোক-সংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল। গাঁৱে-ভূঞে গৈ চহা মানুহৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে লোকগীতৰ লেচেৰী বুটলি এনে গীতসমূহ সংৰক্ষণৰ দিহা কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ২৩ খন অসমীয়া চলচ্চিত্ৰত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰা শিল্পীগৰাকীয়ে তিনিখন অসমীয়া চলচ্চিত্ৰ পৰিচালনাও কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে শিল্পীগৰাকীৰ গীতত মাটি আৰু মানুহৰ কাহিনী অনুৰণিত হয় বুলি উল্লেখ কৰে।
Site Admin | June 12, 2025 8:05 PM | Khagen Mahanta
শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন