শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৩ হাজাৰ ১৩৯ গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে।  ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত ২০৮ খন বিচনাযুক্ত ছুপাৰ স্পেছিয়েলিটি চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটোৱে বৰাক উপত্যকাৰ স্বাস্থ্য সেৱাৰ মান যথেষ্ট উন্নীত কৰাৰ লগতে উজনি অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে বিশেষ চিকিৎসা সেৱা নিশ্চিত কৰিব।
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত ২০৮ খন বিচনাযুক্ত ছুপাৰ স্পেছিয়েলিটি চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰটোৱে বৰাক উপত্যকাৰ স্বাস্থ্য সেৱাৰ মান যথেষ্ট উন্নীত কৰাৰ লগতে উজনি অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে বিশেষ চিকিৎসা সেৱা নিশ্চিত কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ বাবে চৰকাৰে কাম কৰি আছে। বর্তমান যিসকলে ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰি আছে আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকৰ সাহায্য ভৱিষ্যতে ২৫ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ ইপিনে শিলচৰৰ ৩ হাজাৰ নতুন হিতাধিকাৰীক অৰুণোদয় আচনিৰ অধীনত অনা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মহিলা সৱলীকৰণ সন্দৰ্ভত তেওঁ কয় যে যদি পুৰুষে এজনতকৈ অধিক মহিলাৰ সৈতে বিবাহত আৱদ্ধ হয় তেন্তে তেনে ব্যক্তিক ৭ বছৰৰ কাৰাদণ্ড দিয়া হ’ব। অহা বছৰ এই সন্দৰ্ভত এখন বিধেয়ক বিধানসভাত অনা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
 মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ বাবে চৰকাৰে কাম কৰি আছে। বর্তমান যিসকলে ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰি আছে আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকৰ সাহায্য ভৱিষ্যতে ২৫ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰা হব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ ইপিনে শিলচৰৰ ৩ হাজাৰ নতুন হিতাধিকাৰীক অৰুণোদয় আচনিৰ অধীনত অনা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মহিলা সৱলীকৰণ সন্দৰ্ভত তেওঁ কয় যে যদি পুৰুষে এজনতকৈ অধিক মহিলাৰ সৈতে বিবাহত আৱদ্ধ হয় তেন্তে তেনে ব্যক্তিক ৭ বছৰৰ কাৰাদণ্ড দিয়া হ’ব। অহা বছৰ এই সন্দৰ্ভত এখন বিধেয়ক বিধানসভাত অনা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।  ৰাজ্যত মহিলা সংক্রান্তীয় অপৰাধ ডেৰ লাখৰ পৰা ৪০ হাজাৰলৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে লাভ কৰা এয়া এক অন্য সফলতা। মুখ্যমন্ত্রী শ্রীশর্মাই কেইবাটাও উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰি কয় যে মথুৰাঘাট বৰাক নদীৰ ওপৰত এশ কোটি টকা ব্যয় সাপেক্ষ এখন নতুন দলং নিৰ্মাণ কৰা হ’ব। ডিচেম্বৰৰ ভিতৰত ৬৫০ কোটি টকা ব্যয়েৰে এখন উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব যাতে যানজট নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰোপৰি দিল্লী, কোলকাতা আৰু চেন্নাইত বৰাক ভৱন নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। য’ত ৰাজ্যৰ ৰোগীয়ে চিকিৎসাৰ সময়ত তাত থাকিব পাৰিব।
ৰাজ্যত মহিলা সংক্রান্তীয় অপৰাধ ডেৰ লাখৰ পৰা ৪০ হাজাৰলৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে লাভ কৰা এয়া এক অন্য সফলতা। মুখ্যমন্ত্রী শ্রীশর্মাই কেইবাটাও উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰি কয় যে মথুৰাঘাট বৰাক নদীৰ ওপৰত এশ কোটি টকা ব্যয় সাপেক্ষ এখন নতুন দলং নিৰ্মাণ কৰা হ’ব। ডিচেম্বৰৰ ভিতৰত ৬৫০ কোটি টকা ব্যয়েৰে এখন উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব যাতে যানজট নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰোপৰি দিল্লী, কোলকাতা আৰু চেন্নাইত বৰাক ভৱন নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। য’ত ৰাজ্যৰ ৰোগীয়ে চিকিৎসাৰ সময়ত তাত থাকিব পাৰিব।
Site Admin | October 24, 2025 6:43 PM | Akashvani News | Chief Minister Dr Himanta Biswa Sarma | CM silcher | CMO Assam
শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আত্মসহায়ক গোটৰ ১৩,১৩৯ গৰাকী মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
 
		