
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ উধাৰবন্দৰ কাঁছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাঁছাকান্তি বিদ্যামন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ আনটাইড পুঁজিৰ অধীনত এই মুকলি মঞ্চ নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকী বৰাক উপত্যকাৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি দুপৰীয়া শিলচৰত উপস্থিত হয়। ড০ শৰ্মাই আজি শিলচৰৰ ৰাংগীৰখাৰি পইণ্টত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন কৰি নেতাজীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। বাইট (চি এম)
নেতাজী মূৰ্তি নৱনিৰ্মাণ আৰু স্থাপন সমিতিৰ উদ্যোগত ভাস্কর্য শিল্পী অৰুণ যোগীৰাজে এই ২৮ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়।
ড০ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰখাৰিলৈ ৭০০ কোটি টকা ব্যয় সাপেক্ষে এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে।
তেওঁ লগতে কাছাৰ জিলাৰ উধাৰবন্দ আৰু লক্ষীপুৰৰ ১৯ খন গাঁও ডিমা হাচাওৰ সৈতে সংযুক্ত কৰাৰ বিষয়ত কেৱল চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰী শৰ্মাই আজি ঘুংগুৰ বাইপাছত ছহিদ মংগল পাণ্ডেৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিও উন্মোচন কৰে। ইয়াৰ তেওঁ এখন ৰাজহুৱা সভাত অংশ লয়। কাইলৈ তেওঁ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সম-জিলালৈ গৈ নৱনিৰ্মিত মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীতো অংশ ল’ব।