শিলচৰৰ উধাৰবন্দত ১৫,৩০১গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উধাৰবন্দত সমষ্টিটোৰ ১৫,৩০১গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে।
মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে চৰকাৰে ৰাজ্যৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ পথ প্ৰশস্ত হ’ব বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত ড০ শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যানমূলক আঁচনিত আলোকপাত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি শিলচৰৰ আৰক্ষী অতিথিশালাত নাহৰ পুলি ৰোপনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে। তেওঁ শিলচৰৰ গান্ধীঘাটত বৰাক নদীৰ দুয়োপাৰ সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া মধুৰাঘাট সেতুৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰস্তাৱিত সেতুখনে অঞ্চলটোৰ জনগণৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষাক বাস্তৱায়িত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ড০ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত আজিৰ দিনটো শিলচৰবাসীৰ বাবে এটা ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰি কয় যে অহা দুবছৰৰ ভিতৰত এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ’ব।
মুখ্যমন্ত্ৰী শৰ্মাই কাছাৰ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক কামৰ কথা উল্লেখ কৰি শিলঘাটত নৱনিৰ্মিত দলঙৰ কাম প্রায় ৫০ শতাংশ সম্পূৰ্ণ হোৱাৰ উপৰি কৰাটিগ্রাম দলঙৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে সকলোবোৰ প্ৰয়োজনীয় কাম ঠিক মতে আগবাঢ়িলে কেপিটেল পইণ্টৰ পৰা ৰাংগিৰখাৰীলৈ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণৰ কাম অহা জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।