ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিলচৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা আগবঢ়াই থকা ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

■ শিলচৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা আগবঢ়াই থকা এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰি ৬ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। পুলক মালাকাৰ নামৰ এই চিকিৎসকজনে ২০১৬ চনৰ পৰাই ভুৱা চিকিৎসকৰ প্ৰমাণ পত্ৰ দাখিল কৰি ৰোগীক চিকিৎসা কৰি আহিছিল বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লোকজনৰ নথিপত্ৰ পৰীক্ষণৰ অন্তত ভুৱা বুলি প্ৰমাণিত হোৱাত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ পাছত কালি শিলচৰৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ছদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, যে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে আৰু ইয়াৰ সৈতে এটা ডাঙৰ চক্র জড়িত থকাৰ সন্দেহ কৰা হৈছে।
উল্লেখযোগ্য যে বিগত কিছুদিনত ৰাজ্যখনৰ কেইবাখনো জিলাত আৰক্ষীয়ে ভুৱা
চিকিৎসক গ্ৰেপ্তাৰ কৰিছে।