ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 23, 2025 9:09 PM | silchar arrest

printer

শিলচৰত গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আঁৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্রসাদ দাসক গ্ৰেপ্তাৰ

শিলচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্রসাদ দাসক আজি শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এখন ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰী এই লোকজন শিলচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ১৩ জন ভুৱা চিকিৎসকক প্ৰমাণপত্ৰ প্ৰদানকে ধৰি কেতবোৰ নীতি বহির্ভুত কার্যত জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই আজি সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে অভিযুক্ত দাসে দীৰ্ঘদিন ধৰি চলাই অহা ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান নামৰ স্বীকৃতি বিহীন প্ৰতিষ্ঠান এটাৰ পৰা ভুৱা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছিল। এই প্রতিষ্ঠানে প্ৰদান কৰা প্ৰমাণ পত্ৰৰ কোনো আইনসংগত স্বীকৃতি নাই বুলিও শ্রী মাহাত্তাই প্ৰকাশ কৰে। আজি অভিযুক্ত দাসক গ্ৰেপ্তাৰৰ পাছত আদালতত হাজিৰ কৰোৱা হয় আৰু অধিক তদন্তৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।