ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 11, 2025 6:54 PM | Asom Sahitya Sabha

printer

শিলচৰত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিলচৰৰ বংগ ভৱনত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। পতাকা উত্তোলন কৰে কাছাৰ জিলাৰ সাহিত্য সভাৰ সভাপতি ড০ যোগেশ্বৰ বৰ্মনে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সভাৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহকৰ সদস্যসকলৰ নাম পঞ্জীয়নৰ অন্তত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কৌশিক ৰায়ে কাৰ্যনিৰ্বাহক অধিবেশনৰ উদ্বোধন কৰে। সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বৰাক বৈভৱ শীৰ্ষক স্মৃতি গ্ৰন্থ, অসম সাহিত্য সভাৰ পত্ৰিকা আৰু বাৰ্তা উন্মোচন কৰা হয়। আজিৰ কাৰ্যনিৰ্বাহকত কাচাৰ, শ্রীভূমি আৰু হাইলাকাণ্ডি জিলাত চন্দ্ৰকান্ত সন্দিকৈ ভৱন নিৰ্মাণৰ লগতে সীমা সমস্যা সমাধান, বৰাক উপত্যকাৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা, অসমীয়া আৰু বাংলা ভাষাৰ অনুবাদ, টোকলাই চাহ গৱেষণা কেন্দ্ৰত চৰকাৰৰ হস্তক্ষেপ, শিলচৰ ৰে’ল ষ্টেছনৰ নাম পৰিৱৰ্তন কৰি ভাষা ছহিদ ষ্টেছন নাম ৰখাৰ দাবী চৰকাৰৰ ওচৰত তুলি ধৰাকে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।