ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিলচৰত ৬৪ সংখ্যক ভাষা ছহিদ দিৱস পালন

১৯৬১ চনৰ ১৯ মে’ত বাংলা ভাষাৰ অধিকাৰৰ বাবে প্ৰাণ আহুতি দিয়া শিলচৰৰ ১১ গৰাকী ছহিদ স্মৃতিত আজি শিলচৰ নগৰত ৬৪ সংখ্যক ভাষা ছহিদ দিৱস পালন কৰা হয়। শিলচৰ ৰে’ল ষ্টেচনৰ ছহিদ বেদী, শ্মশান ঘাটৰ ছহিদ বেদী আৰু গান্ধীবাগৰ স্মৃতি সৌধত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে মাতৃভাষাৰ হকে প্ৰাণ আহুতি দিয়া ছহিদকেইগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে ছহিদসকলৰ স্মৃতিত শোভাযাত্রা উলিয়ায়। শিলচৰৰ কেইবাটাও ক্লাবৰ উদ্যোগত আজি ভাষা ছহিদ দিৱস পালন কৰা হয়। বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে এই উপলক্ষে কয়, যে অসম চৰকাৰে ইতিমধ্যে বৰাক উপত্যকাত চৰকাৰী কাম-কাজত বাংলা ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে। অসমীয়া আৰু বাংলা দুয়োটা ভাষায়েই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত সকলো অসমবাসীৰ মাজত একতাৰ ভাব অধিক সুদৃঢ় হ’ব বুলি তেওঁ আশা প্রকাশ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অসম সাহিত্য সভাই বাংলা ভাষাক চৰকাৰী স্বীকৃতি প্ৰদানৰ দাবী পূৰণ হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শিলচৰ ৰে’ল ষ্টেচনৰ নাম ভাষা ছহিদ ষ্টেচন ৰূপে নামকৰণৰ দাবীৰ প্রতিও সমর্থন আগবঢ়াইছে। বৰাক উপত্যকা ভ্ৰমণলৈ যোৱা অসম সাহিত্য সভাৰ সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামী আৰু সাহিত্য সভাৰ আন শীৰ্ষ বিষয়ববীয়াসকলে কালি শিলচৰত এই কথা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।