ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিক্ষা সেঁতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ

শিক্ষা সেঁতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিত কুমাৰ শৰ্মাই এই নিৰ্দেশ জাৰি কৰিছে। যোৱা ৯ এপ্ৰিলত এই শিক্ষকসকলৰ উপস্থিতি শিক্ষা সেঁতু এপত লাভ নকৰাৰ বাবে তেওঁলোকৰ দৰমহা কৰ্তন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক পৰিদৰ্শকে নির্দেশ দিয়ে। এই ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিষয়াসকলে কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব বুলি চৰকাৰী নিৰ্দেশটোত কোৱা হৈছে। অৱশ্যে আৰ্জিত ছুটি, সন্তান পৰিচৰ্য্যা ছুটি, প্রসুতিকালিন ছুটি অথবা বি এড ডেপুটেছনত থকা শিক্ষকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশ কার্যকৰী নহ’ব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে।