শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰদ্বাৰা ধেমাজি অভিযান্ত্রিক বিদ্যালয়ৰ ছাত্রীনিবাসৰ উদ্বোধন

শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি অভিযান্ত্রিক বিদ্যালয়ৰ এটা ছাত্রীনিবাসৰ উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ অধীনত নির্মাণ কৰা এই ছাত্রীনিবাসটোৰ লগতে শিক্ষাৰ্থীৰ বর্ধিত সংখ্যালৈ লক্ষ্য ৰাখি আন এটা নিবাস নির্মাণৰো অনুমোদন দিয়া বুলি মন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ধেমাজিৰ ভেহপৰাৰ ধেমাজি ঔদ্যোগিক প্রশিক্ষণ কেন্দ্রত উপস্থিত হৈ এটা ছাত্রাবাসৰ শিলান্যাস কৰে। ভাষণ প্রসঙ্গত মন্ত্ৰীগৰাকীয়ে কয় যে টাটা টেকনোলজীৰ সহায়ত উদ্যোগ ৪.০ৰ সৈতে সংযুক্ত হৈ দক্ষতাভিত্তিক পাঠ্যক্ৰমৰ প্ৰবৰ্তন কৰি ধেমাজিকে ধৰি আন ঔদ্যোগিক প্রশিক্ষণ কেন্দ্ৰসমূহ উন্নীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।