ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ  কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰে। অগৰাতলীৰ চহলা বিলত বিভিন্ন পৰিভ্ৰমী পক্ষী দৰ্শন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত অগৰাতলীত পক্ষী মহোৎসৱ আয়োজনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। পক্ষীপ্ৰেমীসকলৰ কাৰণে ভূস্বৰ্গস্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বমুঠ ৫০০বিধ প্ৰজাতিৰ পক্ষী স্থায়ীভাৱে পোৱা যায়। এছীয় ধনেশ, উলুম’ৰাৰ দৰে বিৰল প্ৰজাতিৰ পক্ষীয়েও কাজিৰঙাক আৱাসস্থল হিচাপে গ্ৰহণ কৰে। ইয়াৰ উপৰি শীতকালত চাইবেৰিয়া, আলাস্কা, মানস সৰোবৰ ইত্যাদি ঠাইসমূহৰ পৰা পৰিভ্ৰমী পক্ষীৰো ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাহ অঞ্চললৈ আগমন ঘটে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।