বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত আজি ৰাজ্যৰ ১৮গৰাকী সাহিত্যিকক সাহিত্য বঁটা আৰু ১০গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিশিষ্ট সাহিত্যিকসকলক বঁটা প্ৰদান কৰে। বৰেণ্য কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই মন্ত্ৰী শ্ৰীপেগুৱে হোমেন বৰগোহাঞিৰ আদৰ্শই ৰাজ্যৰ নৱ প্ৰজন্মক আজিও সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। ২০২৫ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড০ সূর্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অৰ্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুৱৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকী সাহিত্যিক আছে। সাহিত্য বঁটাপ্ৰাপকক বঁটাৰ লগতে ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হয়। সাহিত্য পেঞ্চনপ্ৰাপকসকলে প্ৰতিমাহে ৮ হাজাৰ টকাকৈ লাভ কৰিব।
অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিশ্ববিদ্যালয়সমূহক দক্ষতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০৩ দক্ষতা আৰু সাধাৰণ শিক্ষাৰ মাজত সমন্বয়ৰ কথা কোৱা হৈছে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কবিতা, সৃষ্টিশীল লিখনিৰ দৰে দক্ষতাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ডাঃ পেগুৱে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে প্রতিবেদনখন সন্দৰ্ভত মটক সংগঠনৰ পৰা এটা সংশোধনী আহিছে। এই সংশোধনী মর্মে পূর্বে উল্লেখ নথকা কিছু কথা প্রতিবেদনখনত সন্নিৱিষ্ট কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
Site Admin | December 7, 2025 7:06 PM | Dr. Ranoj Pegu | Sahitik Pension
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ বিশ্ববিদ্যালয়সমূহক দক্ষতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান