ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্র প্রদান

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্র প্রদান কৰে। ৰাজ্য চৰকাৰে স্বচ্ছ আৰু যোগ্য নিযুক্তিৰ দিশত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি নতুন প্ৰজন্মৰ মাজত আশাৰ বতৰা জগাইছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ সকলো সহকাৰী অধ্যাপকলৈ ভৱিষ্যত শিক্ষক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।