ডাউনলোড
মোবাইল এপ

android apple
signal

শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকা ঋণ ল’বলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ নতুন থানা, বেৰেক, চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী নামৰ ছ’চাইটীক ১৫০ কোটি টকা দিবলৈ অনুমোদন জনোৱা হয়। অহা ১২ আগষ্টত ১০ খন সমজিলাৰ কাম আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অধীক্ষকৰ ১০টা পদ সৃষ্টিতো মন্ত্রীসভাই অনুমোদন জনায়।

শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা দুহেজাৰ ৭৫০ কোটি টকা ঋণ ল’বলৈয়ো আজিৰ মন্ত্রীসভাত সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ঋণৰ ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে ওভতাই দিব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই ঋণৰ এটা অংশৰে শিক্ষকসকলক বিজ্ঞান আৰু অংকৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্রধান শিক্ষকক ব্যৱস্থাপনা সন্দৰ্ভত প্রশিক্ষণ দিয়া হ’ব।
জাপানৰ তিনিটা কোম্পানীয়ে অসমীয়া ছাত্র-ছাত্রীক জাপানী ভাষা শিকাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ কয়, যে চৰকাৰে শিক্ষাৰ্থীসকলক ডেৰ লাখ টকাকৈ আগবঢ়াব। প্রথম পৰ্যায়ত ৩ হাজাৰ শিক্ষাৰ্থীক এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।


ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত সোণাৰি বিধানসভা সমষ্টিৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু কামৰ পৰ্যালোচনা চলায়। বৈঠকত ড০ শর্মাই সকলো কাম স্বচ্ছতাৰে সম্পাদন কৰি সমষ্টিটোৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত ৮০০ খন আসনযুক্ত আধুনিক প্রেক্ষাগৃহ নির্মাণ, ভাৰতীয় খাদ্য নিগমৰ গুদাম ঘৰ স্থাপন আৰু সোণাৰি নগৰাঞ্চলৰ পথ উন্নীতকৰণ কৰা হ’ব বুলি ঘোষণা কৰে। ৪ দিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আৰু মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ অধীনত ১৪৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও আন্তঃগাঁথনি উন্নয়ন কামৰ আধাৰশিলা স্থাপন কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।