ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 23, 2025 11:50 AM | Assam Governor

printer

শিক্ষাক যিকোনো সমাজৰ মেৰুদণ্ড বুলি ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই অভিহিত কৰিছে

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই শিক্ষাক যিকোনো সমাজৰ মেৰুদণ্ড বুলি অভিহিত কৰিছে। ৰাজভৱনৰ উদ্যোগত আৰু উচ্চ শিক্ষা বিভাগৰ সহযোগত কালি গুৱাহাটীৰ অসম প্রশাসনিয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে বিশেষকৈ উচ্চ শিক্ষাই কোনো এখন দেশৰ আধ্যাত্মিক, বৈজ্ঞানিক আৰু সামাজিক প্ৰগতিৰ ভেটি হিচাপে কাম কৰে। প্রাচীন বৈদিক শিক্ষাৰ পৰা বৰ্তমানৰ পৰ্যায়লৈ অসমৰ উত্তৰণত আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে শিক্ষাৰ কেন্দ্ৰ হিচাপে অসমৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে উচ্চ শিক্ষা খণ্ডত নিৰন্তৰ উদ্ভাৱনৰ বিষয়ে উল্লেখ কৰি শিক্ষা জগতৰ সৈতে জড়িত ব্যক্তিসকলক আধুনিক শিকন পদ্ধতি, ডিজিটেল মঞ্চ আৰু সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ বাবে গৱেষণাভিত্তিক সমাধান আকোৱালি ল’বলৈ আহ্বান জনায়। সন্মিলনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে।