আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্রক্রিয়া সম্পন্ন হ’ব। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ’ব ৷
গুৱাহাটী মহানগৰীত আজিৰে পৰা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-যটৰ সমস্যা লাঘব কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীত এইবাৰ ৫ শতাধিক পূজা সম্পন্ন হোৱা হেতুকে পর্যায়ক্রমে প্রতিমাসমূহ বিসৰ্জন দিয়া হ’ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।
ডিব্ৰুগড় জিলা প্রশাসনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত পূজা কমিটীসমূহক নীতি নিৰ্দেশনা দিয়া হৈছে। জিলাখনৰ নামৰূপ, নাহৰকটীয়া, ডুলিয়াজান, টেঙাঘাট, চাবুৱা, টিংখাং আদি অঞ্চলৰ পূজা সমিতিসমূহে দিহিং, চেঁচাকে ধৰি নদীসমূহত বিসৰ্জনৰ বাবে ব্যৱস্থা লৈছে।
কাচাৰ জিলাতো আজি দেৱী দুৰ্গাৰ বিসৰ্জন পৰ্বৰ আয়োজন কৰা হৈছে। ইয়াৰ আগেয়ে মহিলাসকলে পৰস্পৰক মিঠাই খুৱাই সেন্দূৰ খেলিব। জিলাখনৰ শিলচৰ সদঘাটৰ বিসৰ্জন স্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰতিমা বিসর্জন দিয়া হ’ব। কাচাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতাই সকলো দিশ পর্যালোচনা কৰে। আজি আৰু কাইলৈ হ’বলগীয়া এই বিসর্জন প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে তেওঁ যাৱতীয় নির্দেশনা দিয়ে। উল্লেখযোগ্য যে, জিলাখনত এইবাৰ এহেজাৰ ৫৯২ খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে। যোৰহাট জিলাৰ পূজাডুবি বিসর্জন ঘাটত কটকটীয়া নিৰাপত্তাৰ মাজেৰে দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে।
দৰং জিলাত আজি দিনৰ ১২ বজাত বিসর্জন পৰ্ব আৰম্ভ হ’ব। এই প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আৰক্ষী, এছ ডি আৰ এফ আৰু অন্যান্য বিভাগৰ কৰ্মীসকলক সষ্টম কৰি ৰখা হৈছে।
গোৱালপাৰা জিলাৰ ৩৬ খন পূজা সমিতিয়ে চহৰখনৰ কাছাৰীঘাটত বিসর্জন প্রক্রিয়া সম্পন্ন কৰিব। ইয়াৰ বাবে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। বিয়লি বিসর্জন পৰ্ব আৰম্ভ হ’ব।
ধুবুৰী জিলাতো আজি দেৱী বিসৰ্জনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ তিনিটা ঘাটত বৈদিক নীতি- নিয়মেৰে দেৱী বিসর্জন দিয়া হ’ব বুলি জানিব পৰা গৈছে। বিজয়া দশমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দৌপদী মুমুৱে সমগ্ৰ দেশৱাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই উৎসৱে সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ জনসাধাৰণক অনুপ্ৰাণিত কৰে। এই উৎসৱে ন্যায়, সমতা আৰু সমন্বয়ৰ সৈতে একগোট হৈ আগবাঢ়িবলৈ সকলোকে অনুপ্রাণিত কৰিব বুলি শ্ৰীমতী মুমুৱে প্ৰকাশ কৰে ।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিজয়া দশমী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, যে বিজয়া দশমী অশুভ আৰু অসত্যৰ ওপৰত শুভ আৰু সত্যৰ বিজয়ৰ প্ৰতীক। এই পৱিত্ৰ উৎসৱে সকলোকে সাহস, বুদ্ধি আৰু ভক্তিৰ পথেৰে নিৰন্তৰ অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি শ্ৰীমোদীয়ে
প্ৰকাশ কৰে।
Site Admin | October 2, 2025 1:06 PM | Vijaya Dashami
শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী
