ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 30, 2025 6:38 PM | Durga Puja 2025

printer

শাৰদীয় দুর্গা পূজাৰ মহাষ্টমীত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা

শাৰদীয় দুর্গা পূজাৰ আজি মহাষ্টমীত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুৰ্গাৰ আৰাধনা কৰিছে।
শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত আজি দুৰ্গা পূজাৰ মহা অষ্টমীত ভক্তসকলে দেৱীৰ আশীষ গ্ৰহণ কৰে। মার্কণ্ডেয় মুনিৰ আশ্ৰমখ্যাত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ত ভক্তসকলে বৈদিক পৰম্পৰাৰে দেৱীক আৰাধনাৰ লগতে পূজা-অৰ্চনা কৰিছে।
বাক্সা জিলাৰ ৰূপহীত আজি পুৱাৰে পৰা ৭৩ সংখ্যক ৰূপহী আঞ্চলিক সার্বজনীন শ্রী শ্রী মা দুর্গা পূজা মহোৎসৱৰ মহা অষ্টমীত যথেষ্ট ভক্তৰ সমাগম হয়। সমগ্ৰ ৰূপহী অঞ্চলৰ বড়ো, কোচ, কছাৰী, ৰাভা, শৰণীয়া, বঙালী, মদাহি আদি সম্প্ৰদায়ৰ লোকে শ্রী মা দুৰ্গাৰ চৰণত সেৱা আগবঢ়ায়। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত শোকাকুল হৈ গোৱালপাৰা জিলাৰ প্ৰতিখন পূজা জাক-জমকতা পৰিহাৰ কৰি আধ্যাত্মিকতাৰ মাজেৰে কেৱল বৈদিক ৰীতি নীতিৰে পূজা অৰ্চনা কৰা দেখা গৈছে। উল্লেখযোগ্য যে জিলাখনৰ ১৪৩ টা পূজা মণ্ডপত এইবেলি দুর্গা পূজা অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় আৰু জয়ভুম কামাখ্যা মন্দিৰ অন্যতম। টুক্ৰেশ্বৰী দেৱালয়ত ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি দুৰ্গা পূজা পালন কৰা হৈছে। দৰঙী কোচ ৰাজবংশৰ মঙলদৈৰ ৰজা হাউলীত ৪০৯ বছৰীয়া ঐতিহ্য আৰু পৰম্পৰাৰে আজি মহাষ্টমীত মুখমণ্ডলত ৰঙা ৰং বোলোৱা দুৰ্গাদেৱীৰ ৰণচণ্ডী ৰূপৰ বলি-বিধানেৰে পূজা-অৰ্চনা কৰা হয়। ছিপাঝাৰৰ বিভিন্ন পূজা মণ্ডপতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই জাকজমকতাবিহীনভাৱে দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে।
নগাঁও জিলাত চাৰিশৰো অধিক পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ আয়োজন কৰিছে। অৱশ্যে এইবাৰ আনন্দ উল্লাসৰ পৰিৱৰ্তে অনাড়ম্বৰভাৱে দেৱীক আৰাধনা কৰা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুৰ্গাপূজাৰ মহাষ্টমী উপলক্ষে আজি পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হৈছে। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আজি দেৱীক মহাষ্টমীত মহা গৌৰীৰ ৰূপত পূজা কৰা হৈছে। দিনৰ ১ বাজি ২১ মিনিটত সন্ধি পূজা কৰা হয়। বৰপেটা ৰোডৰ বিভিন্ন পূজাথলীত আজি মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ দক্ষিণ প্ৰান্তৰ দক্ৰেশ্বৰ দেৱালয়, বৰপেটাৰোডৰ দুৰ্গাবাৰী কালীবাৰী পূজা আৰু শিৱবাৰীকে ধৰি বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। হাউলীৰ আনন্দ বজাৰৰ জনকল্যাণ সমিতিৰ পূজা মণ্ডপে এইবাৰ ৰাইজক বিশেষভাৱে আকৰ্ষণ কৰিছে। তেওঁলোকে জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মণ্ডপ নিৰ্মাণ কৰিছে। কোকৰাঝাৰ জিলাৰ অৰ্ধ শতাধিক পূজা মণ্ডপত আজি পৰম্পৰাগত ৰীতি-নীতিৰে মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। সকলো মণ্ডপতে প্রিয় শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪৩ খন ঠাইত শাৰদীয় দুর্গাপূজা অনুষ্ঠিত হৈছে।