ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 30, 2025 11:54 AM | Durga Puja 2025

printer

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুৰ্গাৰ আৰাধনা কৰিছে।
শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত কালি দুৰ্গা পূজাৰ সপ্তমীত ভক্তসকলে দেৱীৰ আশীষ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ গ্ৰহণ কৰে।
শিৱসাগৰ জিলাত ১৭৩৪ চনত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা ২৯১ বছৰীয়া ঐতিহাসিক দেৱী দৌলত আধ্যাত্মিকতাৰ মাজেৰে শাৰদীয় পূজা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে, এই দৌলত মহা অষ্টমীৰ প্ৰথম প্ৰসাদ নাগাৰা বজোৱা দৌল্লা পৰিয়াল আৰু কনচেং বৰপাত্ৰ গোঁহাই পৰিয়ালৰ পৰা আগবঢ়োৱাৰ ৰজাদিনীয়া পৰম্পৰা দৌল উন্নয়ন সমিতিয়ে এতিয়াও অক্ষুণ্ণ ৰাখিছে।
ডিব্ৰুগড় জিলাতো জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি- নীতিৰে পূজা-অৰ্চনা কৰা হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ অসমীয়া ৰীতি-নীতিৰে পালন কৰা হৈছে। ডিব্ৰুগড়ৰ পূৰ্ণানন্দ পথত থকা জ্ঞানদায়িনী দুর্গা পূজাথলীত কালি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেৱা জনায়। নগাঁও জিলাত চাৰিশৰো অধিক পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ আয়োজন কৰিছে। অৱশ্যে এইবাৰ আনন্দ উল্লাসৰ পৰিৱৰ্তে অনাড়ম্বৰভাৱে দেৱীক আৰাধনা কৰা হৈছে। চহৰখনৰ ৰামকৃষ্ণ পথত থকা হিন্দু মিলন মন্দিৰৰ মণ্ডপৰ জৰিয়তে সমাজক বিশেষ বাৰ্তা দিবলৈ বিচৰা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুর্গাপূজাৰ মহা অষ্টমী উপলক্ষে আজি পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হৈছে। আজি কুমাৰী পূজাও অনুষ্ঠিত হ’ব। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আজি দেৱীক মহাষ্টমীত মহা গৌৰীৰ ৰূপত পূজা কৰা হৈছে। দিনৰ ১ বাজি ২১ মিনিটত সন্ধি পূজা কৰা হ’ব।

বৰপেটা ৰোডৰ বিভিন্ন পূজাথলীত আজি মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ দক্ষিণ প্ৰান্তৰ দক্ৰেশ্বৰ দেৱালয়, বৰপেটাৰোডৰ দুৰ্গাবাৰী কালীবাৰী পূজা আৰু শিৱবাৰীকে ধৰি বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। হাউলীৰ আনন্দ বজাৰৰ জনকল্যাণ সমিতিৰ পূজা মণ্ডপে এইবাৰ ৰাইজক বিশেষভাৱে আকৰ্ষণ কৰিছে। তেওঁলোকে জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মণ্ডপ নিৰ্মাণ কৰিছে।
দৰঙী কোচ ৰাজবংশৰ মঙলদৈৰ ৰজা হাউলীত ৪০৯ বছৰীয়া পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে আজি মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। সন্ধিয়াৰ ভাগত আৰতি, ব্যাসৰ ওজাৰ দ্বাৰা জাগৰ পূজা আৰু মালচী গীত পৰিৱেশন কৰা হ’ব। উল্লেখযোগ্য যে এই ৰজাঘৰীয়া ঐতিহাসিক পূজাত দেৱীৰ মুখমণ্ডল ৰঙা ৰঙেৰে বোলাই ৰণচণ্ডী ৰূপত প্ৰতিষ্ঠা কৰা হয়। এই পূজাৰ সপ্তমী আৰু অষ্টমীত ৰজাঘৰৰ সদস্যই অংশ লোৱাৰ লগতে নৱমীৰ দিনটো প্ৰজাৰ বাবে মুকলি কৰি দিয়াৰ পৰম্পৰা আছিল।
কোকৰাঝাৰ জিলাৰ অৰ্ধ শতাধিক পূজা মণ্ডপত আজি পৰম্পৰাগত ৰীতি-নীতিৰে মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। সকলো মণ্ডপতে প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪৩ খন ঠাইত শাৰদীয় দুর্গাপূজা অনুষ্ঠিত হৈছে। আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হৈছে।