ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 28, 2025 11:42 AM | Durga Puja 2025

printer

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠী

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ’ব। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ’ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যবাসীৰ শাৰদীয় পূজাৰ উৎসাহ স্তিমিত হৈ আছে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যখন শোকাছন্ন হৈ থকাৰ মাজতে জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে দুৰ্গতিনাশিনী দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিবলৈ সাজু হৈছে। ইতিহাসপ্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্রথমদিনাৰে পৰা আড়ম্বৰহীনভাৱে যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে দিয়া বাৰ্তাত প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাজ্যৰ জনসাধাৰণ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈছে বুলি উল্লেখ কৰি সমাজখনত শান্তি স্থাপনৰ বাবে দেৱীৰ আশীষ বিচাৰে। তেওঁ শাৰদীয় পূজাৰ ক্ষণত ৰাজ্যৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
ইপিনে, গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত দুর্গতিনাশিনী দেৱী দুৰ্গাৰ উপাসনাৰ বাবে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ হৈছে। চি চি টি ভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে পাঁচ শতাধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্রসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে জনসাধাৰণ সাজু হৈছে। ধুবুৰী জিলাত আজিৰেপৰা শাৰদীয় পূজা উপলক্ষে জনসাধাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আজি পুৱা জিলাখনৰ বিভিন্ন পূজা মণ্ডপত ধর্মধবজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ শতাধিক পূজাথলীত এইবাৰ দেৱীক আৰাধনা কৰা হ’ব। বাক্সা জিলাৰ ইতিহাস প্রসিদ্ধ শ্ৰীশ্ৰী কুজিদেওৰ দেৱালয়ৰ লগতে বিভিন্ন স্থানত পূজাৰ আয়োজন কৰা হৈছে।  ডিব্ৰুগড় জিলাতো জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি- নীতিৰে পূজা-অৰ্চনাৰ মাজেৰে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ পৰম্পৰাগতভাৱে পালন কৰিবলৈ লোৱা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুর্গাপূজা আজিৰেপৰা পালন কৰা হৈছে।