শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত বিভিন্ন পূজা মণ্ডপত দেৱীৰ প্ৰতিমা স্থাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসমবাসীৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ শোকত ম্রিয়মান হৈ পৰা ৰাজ্যবাসীৰ এইবাৰ যেন পূজাৰ পূৰ্বৰ উৎসাহ নাই। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই।
শাৰদীয় নৱৰাত্ৰিৰ আজি চতুর্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হৈছে। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস কৰা হয়। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্রাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ পূজা পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। অহা দেওবাৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰা হ’ব। কামাখ্যা ধামত আড়ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই পূজা কৰা হয়। বিশেষকৈ শক্তিপীঠত আয়োজিত কুমাৰী পূজাই বিশেষ তাৎপৰ্য্য বহন কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা শেষৰ দিনটোলৈকে প্ৰতিদিনে ইয়াত কুমাৰী পূজা কৰা হয়।
অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ ৭,৮১৭ খন দুৰ্গা পূজা সমিতিলৈ উৎসৱ উদযাপনৰ বাবে ১০ হাজাৰ টকাকৈ আর্থিক অনুদান আগবঢ়াইছে। তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শাৰদীয় দুর্গা পূজা উদযাপন সন্দৰ্ভত পূজা সমিতিসমূহলৈ কিছু নীতি-নির্দেশনা আগবঢ়াইছে। এই অনুসৰি পৰিৱেশ সংৰক্ষণত সহায় হোৱাকৈ ষষ্ঠীৰ দিনা তুলসী, নীম, বৰগছ আদিকে ধৰি ১০টাতকৈ অধিক গছপুলি ৰোপণ কৰিবলৈ পূজা সমিতিসমূহক নিৰ্দেশ দিয়া হৈছে। সপ্তমীৰ দিনা ভক্তসকলক শাক পাচলি আৰু ফুলৰ বীজ অথবা গছপুলি বিতৰণ কৰিবলৈ কোৱা হৈছে। পৰিৱেশ অনুকুল বেনাৰ ব্যৱহাৰ কৰি কাৰ্বন মুক্ত দুৰ্গা পূজাৰ চিহ্ন আৰু ল’গ’ প্ৰতিটো পূজা মণ্ডপত প্ৰদৰ্শন কৰাৰ লগতে পূজা মণ্ডপসমূহত প্লাষ্টিকমুক্ত কৰি সেউজীয়া থীম ব্যৱহাৰেৰে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Site Admin | September 25, 2025 10:31 PM | Akashvani News | Assam Festival | Assamese Festival | Durga Puja
শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী
