শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে।
জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা ৰক্ষা কৰি জনসাধাৰণে মহিষ মর্দিনীৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। গুৱাহাটী, লখিমপুৰ, বিজনীৰ দৰে ভালেসংখ্যক চহৰত শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মণ্ডপসমূহ সজাই-পৰাই তোলা হৈছে। গুৱাহাটী আৰু আন আন চহৰৰ বহুতো পূজা সমিতিয়ে এইবাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আড়ম্বৰপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰিছে।
শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। আজি বিভিন্ন স্থানত কুমাৰী পূজা সম্পন্ন হয়। মার্কণ্ডেয় মুনিৰ আশ্ৰমখ্যাত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ত ভক্তসকলে বৈদিক পৰম্পৰাৰে দেৱীক আৰাধনাৰ লগতে পূজা-অৰ্চনা কৰিছে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰাচীন দেৱালয় আৰু অন্যান্য পূজা মণ্ডপসমূহত আজি নৱমী পূজা পৰম্পৰাগত ৰীতি-নীতিৰে কৰা হৈছে। আজি জিলাখনৰ বেজেৰা, বাইহাটা, চাংসাৰি আৰু আমিনগাঁৱৰ বিভিন্ন পূজাস্থলীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ দুৰ্গতি নাশিনীৰ শ্ৰীচৰণত আশীষ লয়।
শিৱসাগৰ ঐতিহাসিক দেৱী দৌলত পুৰাতন ৰীতিৰে ২৯২ বছৰীয়া দুৰ্গা পূজা পালন কৰা হৈছে। এই দৌলৰ দুৰ্গা পূজা যুগ যুগ শান্তি আৰু সম্প্ৰীতিৰ উদাহৰণ হিচাপে পৰিগণিত হৈ আহিছে। দৌলৰ পূজাৰ নৈবদ্যৰ এটা অংশ ইছলাম ধৰ্মী দৌল্লা পৰিয়াললৈ আগবঢ়োৱা হয়। ইয়াৰ লগতে নৈবদ্যৰ আন এটা ভাগ কনচেং বৰপাত্ৰ গোহাঁই পৰিয়াললৈ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে, দৌল প্ৰতিষ্ঠা কালৰে পৰা দৌল্লা পৰিয়ালে দেৱী দৌলত নেগেৰা আৰু ঢাক বজাই আহিছিল। কালক্ৰমত এই পৰম্পৰা লোপ পাই যদিও পৰিয়াটোলৈ ভোগৰ ভাগ আগবঢ়োৱাৰ পৰম্পৰা অব্যাহত থাকে। দৌল্লা পৰিয়ালৰ ঢাক আৰু ভোগলাভৰ পৰম্পৰাৰ বিতং বিৱৰণৰ সৈতে এয়া পৰিয়ালটোৰ সদস্য আস্না দৌল্লা।
ধেমাজি জিলাৰ চিলাখুটিৰ ঐতিহাসিক শ্ৰীশ্ৰীতাম্ৰেশ্বৰী আই থানতো পৰম্পৰাগত ৰীতি-নীতিৰে আধ্যাত্মিকভাৱে দুর্গা পূজা অনুষ্ঠিত হৈছে।
লখিমপুৰ জিলাৰ ঢকুৱাখনাত অৱস্থিত শ্ৰীশ্ৰীঈশ্বৰী হাৰ্হি দেৱালয়ৰ দুৰ্গা পূজাই এইবেলি ৩০৩ বছৰত ভৰি দিলে। মহা নৱমী উপলক্ষে এই দেৱালয়ত আজি পুৱাৰে পৰা ভক্তৰ সমাগত পৰিলক্ষিত হয়।
বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুর্গাপূজাৰ মহা নৱমী উপলক্ষে আজি পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত কালি পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হয়। অৱশ্যে কালি ধুমুহা-বৰষুণৰ ফলত কাচাৰ জিলাৰ কেইবাখনো পূজা মণ্ডপৰ ক্ষতি হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। বাক্সা জিলাৰ ৰূপহীত আজি পুৱাৰে পৰা ৭৩ সংখ্যক ৰূপহী আঞ্চলিক সার্বজনীন শ্ৰীশ্ৰীমা দুর্গা পূজা মহোৎসৱৰ মহা নৱমী পূজা কৰা হয়।
অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত শোকাকুল হৈ গোৱালপাৰা জিলাৰ প্ৰতিখন পূজা সমিতিয়েও জাক-জমকতা পৰিহাৰ কৰি আধ্যাত্মিকতাৰ মাজেৰে কেৱল বৈদিক ৰীতি নীতিৰে পূজা অৰ্চনা কৰা দেখা গৈছে। দৰঙী কোচ ৰাজবংশৰ মঙলদৈৰ ৰজা হাউলীত ৪০৯ বছৰীয়া ঐতিহ্য আৰু পৰম্পৰাৰে কালি মহাষ্টমীত মুখমণ্ডলত ৰঙা ৰং বোলোৱা দুৰ্গাদেৱীৰ ৰণচণ্ডী ৰূপৰ বলি-বিধানেৰে পূজা-অৰ্চনা কৰা হয়।
Site Admin | October 1, 2025 7:02 PM | Akashvani | Akashvani Guwahati | Durga Maa | Durga Puja 2025
শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা
