ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত হোৱা তুমুল বাক-বিতণ্ডাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হৈছে। পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভাস্থগিতকৰণৰ জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ জাননীৰ বাবে বিৰোধী পক্ষক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, যে কংগ্ৰেছে ইয়াৰ বাবে ক্ষমা খোজা উচিত আৰু চৰকাৰে সভাপতিৰ ভাৱমূৰ্তি ম্লান কৰিব খোজা সকলো চেষ্টা ব্যর্থ কৰিব। শ্ৰী ৰিজিজুৰ অভিযোগ প্রত্যাখ্যান কৰি কংগ্ৰেছ সাংসদ প্রমোদ তিৱাৰীয়ে কয় যে তেওঁলোকে সংবিধানক বিশ্বাস কৰে। এন ডি এ চৰকাৰে সংবিধান পৰিৱৰ্তন কৰাৰ চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ তোলে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।