অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সেইদিনা সন্ধিয়া ৬ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই প্ৰকাশ কৰা অনুসৰি অসম চুক্তিৰ ৬ নম্বৰ দফাৰ আধাৰত খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ অৰ্থে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ ৬৭টা বিষয় ৰাজ্যিক মন্ত্রীসভাই চিনাক্ত কৰিছিল। ইয়াৰে ৪০টা বিষয় সম্পূৰ্ণৰূপে অসম চৰকাৰৰ আওঁতাত, ১৫টা বিষয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত আৰু ১২টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আওঁতাত পৰে। ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ আওঁতাত পৰা ৩৮টা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰহিলৈ বাকী থকা বিষয়ত আলোচনা কৰা হ’ব।
Site Admin | November 20, 2025 8:55 PM | AASU | Akashvani | Akashvani News | Chief Minister Himanta Biswa Sarma
শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব