ডাউনলোড
মোবাইল এপ

android apple
signal

শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে

কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি প্ৰকাশ কৰিছে। ব্রাজিলত অনুষ্ঠিত ব্ৰিক্‌ছ শক্তিমন্ত্ৰীসকলৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ নিকা শক্তি ক্ষেত্ৰৰ সাফল্যসমূহৰ ওপৰত আলোকপাত কৰে। শক্তিৰ উপলব্ধতা ত্বৰান্বিত কৰা, সেউজ হাইড্ৰ’জেন খণ্ডৰ প্ৰগতি সাধন, নৱীকৰণযোগ্য শক্তিৰ উন্নয়ন তথা শক্তিৰ উৎপাদন, সম্প্ৰসাৰণ কৰাৰ খণ্ডত দেশে লাভ কৰা দশকজোৰা প্ৰগতিৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক সুস্থিৰতা সুনিশ্চিত কৰাৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত গভীৰ সহযোগিতা গঢ়ি উঠাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ তেওঁ আহ্বান জনায়। শক্তি, সামর্থ্য, সেউজ হাইড্ৰ’জেন পাৰমাণৱিক শক্তি, জৈৱ ইন্ধনৰ ক্ষেত্ৰত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা তেওঁ দোহাৰে। বহনক্ষম উন্নয়নৰ লক্ষ্য সমৰ্থন কৰাৰ লগতে শক্তি খণ্ডৰ দুৰ্বলতাৰ সৈতে মোকাবিলা কৰাৰ কথা তথা শক্তি সুৰক্ষা ত্বৰান্বিত কৰি তোলাৰ উদ্দেশ্যে যৌথ প্ৰতিশ্ৰুতিবদ্ধতাৰ সৈতে বৈঠকখনৰ সামৰণি পৰে। ব্ৰিক্‌ছ মন্ত্রীসকলে শক্তিশালী মিত্রতা তথা বৈষম্যবিহীন আন্তঃৰাষ্ট্ৰীয় শক্তি বিপণন ক্ষেত্ৰকে ধৰি বিভিন্ন দিশত সহযোগিতাৰ বাবে আহ্বান জনায়। তেওঁলোকে শক্তি খণ্ডৰ বাণিজ্যৰ ক্ষেত্ৰত স্থানীয় মুদ্ৰাৰ লেনদেনৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। উল্লেখযোগ্য যে ২০২৬ চনত ভাৰতে ব্রিক্‌ছ শক্তি সন্মিলন আয়োজন কৰিব।

অধিক পঢ়ক

সকলো চাওক