শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি পৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দলীয় কর্মীসকলক উদ্দেশ্যি দিয়া ভাষণত কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তোষামোদৰ ৰাজনীতিক তীব্র সমালোচনা কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়ালৈকে ৰাজ্যত এক লাখ ৪৫ হাজাৰতকৈও অধিক বিঘা ভূমি দখলমুক্ত কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ উন্নয়নৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কাজিৰঙাৰ ওপৰেৰে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণ কৰা হ’ব। গহপুৰ-নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ লগতে শিলচৰ-গুৱাহাটীৰ মাজত ২২ হাজাৰ কোটি টকা ব্যয়ৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিষয়ে জানিবলৈ দিয়ে।

ৰাজ্যত ৬০ দিনৰ পাছত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকত প্ৰকাশ কৰে। নামনি অসমৰ পাছত উজনি অসমতো এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন বৃদ্ধি হৈছে বুলি মন্তব্য কৰি তেওঁ এই ক্ষেত্ৰত সকলোকে সজাগ-সচেতন হ’বলৈ তেওঁ আহ্বান জনায়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও আজি কাৰ্যনিৰ্বাহক সভাত অংশগ্রহণ কৰি দলীয় নেতা-কৰ্মীক উদ্দেশ্যি ভাষণ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।