মানৱ অধিকাৰ আয়োগে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয়টো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলা আয়ুক্তক সবিশেষ নথি-পত্রসহ শীঘ্ৰে এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে নির্দেশনাটোত ডিব্ৰুগড় আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ শেহতীয়া তথ্য মানৱ অধিকাৰ আয়োগক জমা দিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ এটা তেলডিপোত দুটা পক্ষৰ মাজত হোৱা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি কালি কেইবাটাও দল সংগঠনে দুলিয়াজান বন্ধৰ আহ্বান জনাইছিল। ১১ টা জাতীয় জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা এই বন্ধৰ সময়ছোৱাত একাধিক বিক্ষিপ্ত ঘটনা সংঘটিত হয়। এই বন্ধৰ প্ৰতি দুলীয়াজানবাসীয়ে স্বতঃস্ফূর্ত সঁহাৰি জনোৱাৰ ফলত চহৰখনৰ দোকান-বজাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, যান-বাহনৰ চলাচল আদি বন্ধ হৈ পৰে।
ইফালে, দুলিয়াজানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা বীৰ লাচিত সেনা অসমৰ মুৰব্বী শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষীয়ে কালি নিশা মুকলি কৰি দিয়ে। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নির্মল ঘোষে জনোৱা মতে, শিৱসাগৰৰ পৰা দুলিয়াজানলৈ প্ৰতিবাদৰ বাবে গৈ থকা সময়ত কালি দুপৰীয়া শৃংখল চলিহাক আটক কৰা হৈছিল।
Site Admin | May 24, 2025 12:12 PM | AASU | Akashvani Guwahati | Dibrugarh | Sankarjyoti Baruah
শংকৰজ্যোতি বৰুৱাক হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয় সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
