লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এই পদযাত্ৰা কৰা হয়। পুৱা ৯ বজাত গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাঙ্গনৰ পৰা কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। প্ৰায় ডেৰ হাজাৰ লোকে পদযাত্ৰাত অংশগ্ৰহণ কৰে ৷


তিনিচুকীয়া জিলাতো আজি প্রসাসনৰ উদ্যোগত একতাৰ পদযাত্ৰা কৰা হয়। জিলাখনৰ বৰগুৰিৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে এই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। স্থানীয় নাগৰিক তথা ছাত্ৰ-ছাত্ৰীসহ দুহেজাৰৰো অধিক লোকে প্রায় ৪ কিলোমিটাৰজোৰা পদযাত্ৰাত অংশ লয়।