মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত এই নিযুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। ড০ শৰ্মাই হ’বলগীয়া দক্ষতা পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে তেওঁ আজি বৰাক উপত্যকাৰ মন্ত্ৰী, বিধায়ক আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে অঞ্চলটোৰ উন্নয়নৰ সৈতে জড়িত এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই বৰাকৰ তিনিওখন জিলাত সম-উন্নয়ন নিশ্চিত কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসামৰিক চিকিৎসালয়সমূহত এম আৰ আইৰ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত বিভাগীয় সমন্বয় অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। বৈঠকত বৰাকত সাংস্কৃতিক আৰু ক্ৰীড়া মহোৎসৱৰ পৰিকল্পনাৰ উপৰি দিল্লী আৰু কলকাতাত প্ৰস্তাৱিত বৰাক ভৱন সন্দৰ্ভতো আলোচনা কৰা হয়। ড০ শর্মাই আজি গেলেফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ মুখ্য কাৰ্যকৰী দলৰ সৈতেও আলোচনাত মিলিত হয়। তেওঁ অসম-ভূটানৰ দ্বিপাক্ষিক সহযোগিতা, যুৱ শক্তিৰ উত্তৰণৰ উপৰি গেলেফু নগৰ প্ৰকল্পৰ সফল কাৰ্যকৰীকৰণৰ বিষয়ত আলোচনা কৰে।
Site Admin | June 10, 2025 6:41 PM | Akashvani News | Chief Minister Himanta Biswa Sarma | CMO Assam
লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠক
