ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসেৱা জাগৰণৰ ২ মিনিটৰ ছুটি ছবিখন আজিৰে পৰা ৬ নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন

লোকসেৱা সজাগতা অভিযান-সবকী যোজনা-সবকী বিকাশ বিষয়ত আধাৰিত লোকসেৱা জাগৰণৰ ২ মিনিটৰ ছুটি ছবিখন আজিৰে পৰা ৬ নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন কৰা হব। পঞ্জায়তীৰাজ মন্ত্ৰালয়ে এক বিবৃতিযোগে জনাই যে ইয়াৰ বিষয়বস্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্য আছে। এই অভিযানৰ লক্ষ্য হৈছে ২০২৬ ২৭ বৰ্ষৰ বাবে পঞ্চায়ত বিকাশ পৰিকল্পনা জনসাধাৰণৰ অংশগ্রহণ তথা জনসজাগতা বৃদ্ধি কৰা। তৃণমূল পৰ্যায়তেই বিকাশৰ পথ প্ৰশস্ত কৰাত দেশৰ প্ৰতিজন নাগৰিকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আচৰণবিধি বলবৎ থকা ৰাজ্যসমূহৰ বাহিৰে এই ছবিখন বর্তমান সকলো ছবিগৃহতে মূল ছবিখন আৰম্ভ হোৱাৰ আগতে আৰু ব্যৱধানৰ সময়ছোৱাৰ শেষৰ ৫ মিনিটৰ ভিতৰত প্ৰদৰ্শন কৰা হ’ব। ২ অক্টোবৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জন পৰিকল্পনা অভিযান ২০২৫-২৬ আৰম্ভ কৰা হয়। এই অভিযানে দেশৰ পঞ্চায়তসমূহক ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংগতি ৰাখি স্থানীয় অগ্ৰাধিকাৰসমূহ প্ৰতিফলিত কৰা প্ৰমানভিত্তিক আৰু সৰ্বাঙ্গীন পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সমৰ্থ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।