ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাৰ দাবীকে ধৰি অন্যান্য বিষয়ত আলোচনাৰ দাবীৰে বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাও প্ৰথমে দুপৰীয়া ১২ বজালৈ আৰু পাছত দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উটি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰতিবাদত সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু সদনৰ কামকাজ চলাই নিয়াৰ অনুমতি দিবলৈ আহ্বান জনায়। কিন্তু বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কামকাজ পুনৰ দিনৰ এক বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ লগে লগে বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় উঠাই লোৱাৰ দাবীৰে শ্লোগান দিবলৈ আৰম্ভ কৰে। শ্ৰী বিৰলাই প্ৰতিবাদত সদস্যসকলক প্রশ্নকাল চলাই নিয়াত সহযোগ কৰিবলৈ আৰু তেওঁলোকক প্ৰশ্নকালত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। হুলস্থূলীয়া পৰিৱেশৰ মাজতে কেন্দ্রীয় জলশক্তি মন্ত্রী গজেন্দ্ৰ সিং ছেখাৱতে স্বচ্ছতা গ্ৰীণ লিফ ৰেটিং পদক্ষেপ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিয়ে। বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে অধ্যক্ষই দিনৰ ১২ বজালৈ সদন স্থগিত ঘোষণা কৰে৷
ৰাজ্যসভাতো আজি অনুৰূপ পিস্থিতিৰ সৃষ্টি হয়। দিনৰ ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সভাপতিৰ দায়িত্বত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰে যদিও বিৰোধীপক্ষৰ সদস্য সকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এনে পৰিস্থিতি বাহাল থকাত উচ্চ সদনৰ কামকাজ পুনৰ দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত এ আই এ ডি এম কেৰ দুগৰাকী সাংসদ এম ধানাপাল আৰু আই এছ ইনবাডুৰাই শপতগ্ৰহণ কৰে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে কয়, যে বিভিন্ন ৰাজনৈতিক দলৰ পৰা ভিন ভিন বিষয় সন্দৰ্ভত লাভ কৰা ২৬ খন স্থগিতকৰণৰ জাননী তেওঁ খাৰিজ কৰে।