ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয়, যে যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১৪ খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ ১২ খন বিধেয়ক গৃহীত হয়। তেওঁ কয়, যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্পর্কেও বিশেষ আলোচনা হোৱা বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এইবাৰৰ অধিৱেশনৰ বিষয়সূচীত ৪১৯ টা তৰাযুক্ত প্রশ্ন অন্তৰ্ভুক্ত কৰা হয় যদিও সদনৰ কাম-কাজ পূৰ্ব পৰিকল্পিতভাৱে বিঘ্নিত কৰাৰ ফলত মাত্র ৫৫ টা প্রশ্নহে মৌখিক উত্তৰৰ বাবে বিবেচনা কৰিব পৰা যায়। সদনৰ কাম-কাজ বিঘ্নিত হোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শ্ৰী বিৰলাই কয়, যে বর্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মাত্ৰ ৩৭ ঘণ্টা এই কাম কৰিব পৰা যায় ৷ তেওঁ কয়, যে এই অধিৱেশনৰ সময়ছোৱাত দেখা পোৱা আচৰণ আৰু ভাষাৰ ব্যৱহাৰ সংসদৰ গৰিমাৰ সম্পূৰ্ণ পৰিপন্থী। সংসদৰ গৰিমা বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাটো সদস্যসকলৰ উমৈহতীয়া দায়িত্ব বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে সদস্যসকলে সদনত প্ৰয়োগ কৰা ভাষা মর্যাদাসম্পন্ন হোৱা উচিত। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পৰ্কে আলোচনা কৰাৰ দাবী উত্থাপন কৰি বিৰোধী দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। এনে পৰিস্থিতিৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রশ্নোত্তৰ কালৰ কাম চলাই নিয়াৰ চেষ্টা কৰে যদিও বিৰোধী সাংসদসকলে সৃষ্টি কৰা হুলস্থূলৰ বাবে তেওঁ সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়।
ৰাজ্যসভাতো আজি একেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ ১১ বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত উপ-সভাপতি হৰিবংশে বিভিন্ন বিষয় লৈ ভিন ভিন ৰাজনৈতিক দলে ১৮ খন সভাস্থগিতকৰণৰ জাননী প্ৰেৰণ কৰা বুলি উল্লেখ কৰে। তেওঁ অৱশ্যে সদন পৰিচালনাৰ বিভিন্ন নিয়মৰ দোহাই দি এই জাননীসমূহ প্রত্যাখ্যান কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ সাংসদসকলে শ্ল’গান দিবলৈ ধৰে। উপ-সভাপতিগৰাকীয়ে শূন্যকালৰ কাম আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অচলাৱস্থা অব্যাহত থকাত উপ-সভাপতি হৰিবংশে সদনৰ কাম-কাজ দিনৰ দুই বজালৈ স্থগিত ৰাখে।