লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত সংসদ আৰু ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাত মহিলা সৱলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে এই উপলক্ষে এখন প্রদর্শনী উদ্বোধন কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে। ৰাজ্যসভাৰ উপ সভাপতি, অন্ধ্র প্রদেশ বিধান পৰিষদ আৰু বিধানসভাৰ সভাপতি, অধ্যক্ষ, সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ মহিলা সৱলীকৰণ সমিতিৰ অধ্যক্ষৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এশৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। তিৰুপতিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহিলা সৱলীকৰণ সমিতিৰ এই সন্মিলনে নাৰী
সৱলীকৰণৰ বিষয়ত নতুন আলোচনাৰ সূচনা কৰে। প্ৰযুক্তিৰ পৰিৱৰ্তনৰ যুগত মহিলাসকলক নেতৃত্ব দিব পৰাকৈ সাজু কৰি তোলাৰ ক্ষেত্ৰতো এই সন্মিলনত গুৰুত্ব আৰোপ কৰা হয় ৷
Site Admin | September 14, 2025 8:10 PM | Om Birla
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত মহিলা সৱলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে
