লোকসভাত আজি ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ১৮৭৫ চনত বংকিম চন্দ্র চেটার্জীয়ে এই গীতটি ৰচনা কৰিছিল। আলোচনা আৰম্ভ কৰি প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে কয় যে বন্দে মাতৰম মন্ত্রই সমগ্র দেশকে শক্তি আৰু অনুপ্ৰেৰণা যোগোৱাৰ লগতে স্বাধীনতা আন্দোলনতো প্রভাবিন্বিত কৰিছিল। এই বিষয়টো লৈ আলোচনা কৰিবলৈ পোৱাটো দেশবাসীৰ লগতে সদনৰ প্ৰতিগৰাকী সদস্যৰ বাবে গৌৰৱ আৰু সৌভাগ্যৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে।
শ্রীমোদীয়ে কয় যে বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাটো গৌৰবৰ মহৎ অধ্যায় পুনৰ প্ৰতিষ্ঠাৰ এটা সুযোগ। তেওঁ কয় যে বন্দে মাতৰমে স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তবায়িত কৰাৰ বাবে জনসাধাৰণক অনুপ্ৰেৰণা যোগায়। প্রধানমন্ত্রীয়ে কয় যে বন্দে মাতৰমৰ শতবার্ষিকীত সমগ্র দেশত জৰুৰী অৱস্থা বলবৎ হৈ আছিল। যি সময়ত ৰাষ্টীয় গীতটোৰ শতবার্ষিকী পৰম উৎসাহেৰে উদ্যাপন কৰিব লাগিছিল সেই সময়ত সাংবিধানিক প্রমূল্যক অবজ্ঞা কৰা হৈছিল আৰু যিসকলে দেশৰ বাবে জীবন পণ কৰিছিল সেইসকলকো কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল বুলি শ্রীমোদীয়ে উল্লেখ কৰে। বংকিম চন্দ্র চট্টোপাধ্যায়ৰ এই অবিঘ্নৰণীয় সৃষ্টিয়ে ঔপনিবেশিক ব্রিটিছ চৰকাৰৰ বংগ বিভাজন নীতিকো ওফৰাই দিবলৈ জনসাধাৰণক উৎসাহিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে বন্দে মাতৰম হৈছে মহান সাংস্কৃতিক পৰম্পৰাৰ আধুনিক প্রকাশ। তেওঁ জনসাধাৰণৰ সৈতে এই গীতটিৰ গভীৰ সম্পৰ্কই দেশৰ স্বাধীনতা যুদ্ধৰ যাত্ৰাক প্রতিফলিত কৰে। বন্দে মাতৰমে স্বাধীনতা আন্দোলনক শক্তি আৰু পথ প্রদর্শন কৰিছিল বুলিও তেওঁ উল্লেখ কবে। প্রধানমন্ত্রীয়ে ১৯৩৭ চনত বন্দে মাতৰমৰ বিৰোধিতা কৰা মুছলিম লীগৰ ৰাজনীতিৰ বিষয়েও উল্লেখ কৰে। শ্রীমোদীয়ে বন্দে মাতৰমক আপোচ কৰাৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। বিতর্কত অংশ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে বংগ দেশৰ বহু লেখক আৰু কবিৰ গীতে স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰিছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত বিষয়টোত ৰাজনৈতিক ৰহন সনা বুলি শ্রীগগৈয়ে অভিযোগ তোলে। সমাজবাদী পার্টীৰ নেতা অখিলেশ যাদবে কয় যে বন্দে মাতৰমে জনসাধাৰণক একত্ৰিত কৰিছিল। বন্দে মাতৰমৰ আবেগে সাম্প্রদায়িক ৰাজনীতিক প্রত্যাখ্যান কৰিছিল বুলিও তেওঁ উল্লেখ কৰে। আলোচনাৰ আৰম্ভণিতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আলোচনাৰ পাতনি মেলি ঔপনিবেশিক শোষণৰ বিৰুদ্ধে ভাৰতে যুঁজ দিয়াৰ কঠিন সময়ত বন্দে মাতৰমে আশাৰ সঞ্চাৰ কৰিছিল বুলি উল্লেখ কৰে।