ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভাত ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত

লোকসভাত আজি ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ ধৰ্মবীৰ গান্ধীয়ে দেশে সন্মুখীন হোৱা কৃষি প্ৰত্যাহ্বানসমূহ উত্থাপন কৰাত কেন্দ্ৰীয় বাজেট নিষ্ফল হৈছে বুলি অভিযোগ কৰে। তেওঁ লগতে কৃষকৰ আত্মহননৰ বিষয়টো সদনত উত্থাপন কৰে। শ্ৰী গান্ধীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডক গুৰুত্ব দিয়া নাই আৰু বাজেটতো এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাই৷ দেশত দিনে দিনে গুণগত শিক্ষা অধিক ব্যয়বহুল হৈ পৰিছে বুলি উল্লেখ কৰি শ্ৰী গান্ধীয়ে কয় যে দৰিদ্ৰ আৰু পিচপৰা শ্ৰেণীৰ বাবে এতিয়া গুণগত শিক্ষা সুলভ নহয়। তেওঁ লগতে দেশত কৰ্কট ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো চিকিৎসা ব্যৱস্থা অধিক উন্নত কৰাৰ প্ৰয়োজন বুলি দাবী কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ সাংসদ ৰাও ৰাজেন্দ্ৰ সিঙে কেন্দ্ৰীয় বাজেটৰ প্ৰশংসা কৰি কয় যে বাজেটত দৰিদ্ৰ শ্ৰেণী, কৃষক আৰু মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ লগতে কয় যে চৰকাৰে কৃষকসকলৰ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰিছে আৰু এই ক্ষেত্ৰত ভালেমান ব্যৱস্থাও গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।