ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা

লোকসভাত আজিও ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়ল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবী জনায়। তেওঁ কয় যে, এই সমর্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব।

তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভতো প্রশ্ন তোলে। শ্ৰী গান্ধীয়ে ২০২৪-২৫ বৰ্ষৰ বাজেটে দেশৰ জনসংখ্যাৰ ৭৩ শতাংশ সামৰি লোৱা অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে কোনো উল্লেখযোগ্য প্ৰস্তাৱ দিয়া নাই বুলি অভিযোগ তোলে। তেওঁ লগতে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ উত্থাপন কৰি এনে ঘটনাই যুৱ প্ৰজন্মৰ ক্ষতি কৰে বুলি মন্তব্য কৰে। শ্ৰী গান্ধীৰ ভাষণ চলি থকাৰ সময়তে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে নেতাগৰাকীয়ে সদনৰ অধ্যক্ষৰ মৰ্যদা হানি কৰা বুলি কেইবাটাও মন্তব্যৰ বিৰোধিতা কৰে। আনহাতে গান্ধীয়ে উত্থাপন কৰা অগ্নিবীৰ আঁচনিৰ প্ৰসংগত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কয় যে, এই আঁচনি সম্পৰ্কত বিৰোধী দলৰ নেতাগৰাকীয়ে কেতবোৰ ভ্ৰান্ত ধাৰণা সৃষ্টি কৰিছে আৰু তেওঁ এই সম্পৰ্কত সদনত আলোচনাৰ বাবে সাজু আছে। ইয়াৰ আগেয়ে সদনত আলোচনাত অংশগ্রহণ কৰি সমাজবাদী পাৰ্টীৰ ডিম্পল যাদবে শিক্ষাখণ্ডত বাজেটত আৱণ্টন ধাৰাবাহিকভাৱে হ্ৰাস পাইছে বুলি মন্তব্য কৰে। তেওঁ কয় যে, দেশত নিবনুৱাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। নেত্ৰীগৰাকীয়ে অগ্নিবীৰ আঁচনিক লৈ প্ৰশ্ন তোলাৰ লগতে জাতি পিয়লৰ প্ৰসংগ উত্থাপন কৰে। ইয়াৰ বিপৰীতে বিজেপিৰ সুৰেশ কুমাৰ কাশ্যপে কয় যে, এইবাৰৰ বাজেটে দেশক উন্নয়নৰ ক্ষেত্ৰত নতুন গতি দিয়াৰ উপৰি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। দেশৰ ২৫ কোটি লোকক চৰকাৰৰ বিভিন্ন আঁচনিয়ে দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।