August 20, 2025 8:54 PM | Parliament today

printer

লোকসভাত বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত প্রতিবাদ অব্যাহত, দুখন বিধেয়ক উত্থাপন

লোকসভাত আজি সংবিধানৰ ১৩০ সংখ্যক সংশোধনী বিধেয়ক কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ সংশোধনী বিধেয়ক ২০২৫ তথা জম্মু আৰু কাশ্মীৰ পুনগঠন সংশোধনী বিধেয়ক ২০২৫ উত্থাপন কৰা হয়। বিৰোধী পক্ষৰ সদস্যসকলে সদনত বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত প্রতিবাদ অব্যাহত ৰখাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই বিধেয়ককেইখন উত্থাপন কৰে। কংগ্ৰেছ, এ আই এম আই এম আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষই এই বিধেয়ককেইখনক অসাংবিধানিক আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী বুলি অভিহিত কৰি ইয়াৰ বিৰোধিতা কৰে। এ আই এম আই এমৰ আছাদউদ্দিন ওৱেছিয়ে কয় যে এই বিধেয়ককেইখনে ক্ষমতাৰ পৃথকীকৰণৰ সিদ্ধান্ত আৰু চৰকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনসাধাৰণৰ অধিকাৰক উলংঘন কৰিছে। তেওঁ কয় যে এই বিধেয়ককেইখনে সংসদীয় গণতন্ত্ৰৰ শক্তি হ্ৰাস কৰাৰ লগতে এই সংশোধনে মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলক কাৰ্যকৰী সংস্থাসমূহৰ হাতত এৰি দিব। এই সংশোধনে সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদ উলংঘন কৰিব বুলি উল্লেখ কৰি ওৱেছিয়ে চৰকাৰক এই বিধেয়ক তিনিখন উঠাই ল’বলৈ আহ্বান জনায়। কংগ্ৰেছৰ সাংসদ কে চি বেণুগোপালে এই বিধেয়ককেইখনক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী বুলি উল্লেখ কৰি তেওঁ কয় যে যে বিৰোধী পক্ষই শাসন কৰা ৰাজ্যকেইখনক লক্ষ্য কৰিয়েই এই বিধেয়ককেইখন অনা হৈছে। সমাজবাদী পাৰ্টীৰ সাংসদ ধর্মেন্দ্ৰ যাদৱেও এই বিধেয়ককেইখনৰ বিৰোধিতা কৰি ইয়াক অসাংবিধানিক আৰু মৌলিক অধিকাৰৰ পৰিপন্থী বুলি উল্লেখ কৰে। পাছত সদনে এই বিধেয়ক কেইখনৰ অধিক পর্যালোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।