ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভাত বর্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা

লোকসভাত বর্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ সন্দৰ্ভত আজি ৰাজ্যসভাত আলোচনা কৰা হয়। এই বিধেয়কখনে কেন্দ্ৰীয় চৰকাৰক বিমানৰ নক্সা, প্ৰস্তুতকৰণ, উৎপাদন, ৰক্ষণাবেক্ষণ, বিক্রী, আমদানী-ৰপ্তানি আৰু বিমান পৰিবহনৰ নিৰাপত্তা ব্যৱস্থা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰিব। ইয়াৰ লগতে বিমান দুর্ঘটনা বা যিকোনো ঘটনাকে অনুসন্ধান কৰিবলৈও চৰকাৰক এই বিধায়কখনে অধিকাৰ প্ৰদান কৰিব।
বিজেপিৰ শম্ভু চৰণে এই আলোচনাকালত অংশগ্ৰহণ কৰি কয়, যে বিমান পৰিবহন ক্ষেত্ৰখনত যথেষ্ট উন্নয়ন সাধন হৈছে। তেওঁ লগতে কয়, যে ২০১৪ চনৰ ৭৪ টা বিমান বন্দৰৰ সংখ্যা বৃদ্ধি হৈ ২০২৪ চনত ১৫৭টা হৈছেগৈ লগতে দেশীয় বিমানযাত্ৰীৰ সংখ্যাও আগতকৈ বৃদ্ধি পাইছে। অসামৰিক বিমান পৰিহন মন্ত্ৰী ৰামমোহন নাইডুয়ে কয়, যে এই বিধেয়কখনে বিমান পৰিবহনৰ নক্সা, প্ৰস্তুতকৰণ আৰু ৰক্ষণাৱেক্ষণৰ সংজ্ঞা নির্ণয় কৰিব আৰু অসামৰিক বিমান পৰিবহন উদ্যোগক আইনী পৰিকাঠামোৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।