December 9, 2025 8:04 PM | Loksabha

printer

লোকসভাত নির্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত নির্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ মনিষ তিৱাৰীয়ে কয়, যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ কাৰণ দাখিল কৰা উচিত। তেওঁ কয় যে দেশৰ কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ প্রক্রিয়া চলি আছে যদিও নির্বাচন আয়োগৰ পুংখানুপুংখ সংশোধন চলোৱাৰ আইনী অধিকাৰ নাই। তেওঁ লগতে আটাইবোৰ ভিভি পেট মেচিনৰ গণনা কৰিব লাগে নতুবা পুৰণি বেলট ব্যৱস্থালৈ ঘুৰি যাব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। নিৰ্বাচন আয়োগক বাচনি কৰাৰ বাবে গঠন কৰা কমিটিত ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰা উচিত বুলিও তেওঁ পৰামৰ্শ দিয়ে।

আলোচনাত ভাগ লৈ বিজেপিৰ সঞ্জয় জয়ছোৱালে কয়, যে বিৰোধী পক্ষই বিহাৰৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত সন্মুখীন হোৱা পৰাজয়ৰ পৰা জনসাধাৰণৰ মনোযোগ অন্য ফালে ঢাল খুওৱাৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ বিষয়টো উত্থাপন কৰিছে। ১৯৪৭ চনত কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ আটাইকেইগৰাকী সদস্য চৰ্দাৰ বল্লভ ভাই পেটেলৰ সৈতে থকা সত্বেও তেওঁক প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পন নকৰাত ভোট চুৰিৰ প্ৰথমট ঘটনা ঘটিছিল বুলি তেওঁ উল্লেখ কৰে। সাংসদগৰাকীয়ে লগতে ১৯৭৫ চনত জৰুৰীকালিন অৱস্থা আৰু ১৯৮৭ চনৰ কাশ্মীৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ ভোট চুৰিৰ নিদৰ্শন বুলি অভিহিত কৰে।

সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে আলোচনাত ভাগ লৈ কয় যে নির্বাচন আয়োগ নিৰপেক্ষ হলেহে সংস্কাৰ সম্ভৱ। তেওঁ লগতে ভোট গ্রহণৰ বাবে পুৰণি বেলট ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ আগবঢ়ায়। শ্রীযাদৱে জার্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে প্ৰযুক্তিগত দিশৰ পৰা অধিক উন্নত ৰাষ্ট্ৰসমূহে বেলট পেপাৰেৰে ভোটগ্রহণ অনুষ্ঠিত কৰাৰ বিপৰীতে ভাৰতে কিয় ই ভি এম ব্যৱহাৰ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ৷

আলোচনাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ কল্যান বেনাৰ্জীয়ে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ কামৰ হেচাৰ বাবে দেশৰ বিভিন্ন অংশত কেইবাগৰাকীও বুথ পৰ্যায়ৰ বিষয়াৰ প্ৰাণনাশ হোৱা বুলি অভিযোগ তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা জে দি ইউৰ নেতা ৰাজীৱ ৰঞ্জন সিঙে কয় যে নির্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্রক্রিয়া চলাই আছে আৰু ইয়াত কোনো ভূল নাই। তেওঁ কয় যে সমগ্ৰ বিশ্বই ভাৰতক নিৰপেক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ অহাটো প্ৰত্যক্ষ কৰি আছে। শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদ অনিল দেশাই আলোচনাত ভাগ লৈ কয় যে দল ত্যাগ বিৰোধী আইনখন অচল হৈ পৰিছে। ই ভি এমৰ ঠাইত বেলট পেপাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে। এন চি পিৰ- এছ চি পি গোটৰ নেত্ৰী সুপ্রিয়া সুলেৰ নিৰ্বাচনৰ সময়ত সংঘটিত হিংসা আৰু দূৰ্নীতিৰ বিষয় উত্থাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।