লোকসভাত কালি নির্বাচনী সংশোধনক লৈ বিশেষভাৱে আলোচনা কৰা হয়। আলোচনাত ভাগ লৈ আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্রকাশ কৰে যে, কংগ্ৰেছৰ শাসন কালতো ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনী কেইবাবাৰো সম্পন্ন হৈছিল যদিও এতিয়া দলটোৱে একেটা বিষয়ত প্রশ্ন উত্থাপন কৰাটো আশ্চর্যজনক। ভাৰতৰ ভোটদান প্ৰক্ৰিয়াৰ প্ৰশংসা কৰি তেওঁ কয়, যে স্বাধীনোত্তৰ কালৰে পৰা সকলোৱে ভোটদানৰ ক্ষেত্ৰত সম অধিকাৰ লাভ কৰি আহিছে। নৰেন্দ্ৰ মোদী চৰকাৰে নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত কৰি লোকসভা, বিধানসভা তথা বিধানসভাৰো মুঠ আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে। নিৰ্বাচন মাথোঁ ৰাজনৈতিক কুচ-কাৱাজ নহয়, বৰং ই কোটি কোটি লোকে অংশগ্ৰহণ কৰি উদযাপন কৰা গণতন্ত্ৰৰ এটা অনুষ্ঠান বুলি মেঘৱালে অভিহিত কৰে। ড° বি আৰ আম্বেদকাৰে ৰূপায়ণ কৰা নীতিৰ আলমতেই দেশৰ নিৰ্বাচন প্রক্রিয়া চলি আহিছে বুলি তেওঁ মন্তব্য কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ নিশিকান্ত ডুবেই কয়, যে বিজেপিয়ে ভোটবেংকৰ স্বাৰ্থত নহয় ৰাষ্ট্ৰীয় স্বাৰ্থতহে ৰাজনীতি কৰে। বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনক লৈ ৰাজনীতি কৰা বুলি তেওঁ অভিযোগ কৰে। অভিযোগ উত্থাপন কৰি তেওঁ কয়, যে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই অনুপ্ৰৱেশকাৰীৰ ভোটেৰে জয়লাভ কৰি অহাবাবেই ভোটাৰ তালিকাৰ সংশোধনী বিৰোধিতা কৰিছে। নিজৰ শাসন কালত কংগ্ৰেছ দলে দলীয় স্বার্থক প্রাধান্য দি মুখ্য নির্বাচনী বিষয়া নিযুক্তি দিছিল বুলি তেওঁ অভিযোগ কৰে। ইপিনে, বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাৰ নকল ভোটাৰ প্ৰসংগত নিজৰ মন্তব্য দাঙি ধৰে। বিহাৰত হোৱা ভোটাৰ তালিকাৰ সংশোধনীৰ প্ৰসংগ উত্থাপন কৰি সেই ভোটাৰ তালিকাত ১ লাখ ২০ হাজাৰ নকল ফটো সন্নিৱিষ্ট থকা বুলি অভিযোগ উত্থাপন কৰে। গান্ধীয়ে ইয়াৰ পূৰ্বে এই আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ মনীষ তিৱাৰীয়ে কয়, যে ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনী কৰিবলগীয়া হোৱাৰ কাৰণসমূহ নিৰ্বাচন আয়োগে ব্যাখ্যা কৰা উচিত।
Site Admin | December 10, 2025 11:53 AM | Akashvani | Akashvani News | Loksabha
লোকসভাত নির্বাচনী সংশোধনক লৈ বিশেষভাৱে আলোচনা