বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বন্দে মাতৰম সন্দৰ্ভত লোকসভাত দিয়া ভাষণটোক ঐতিহাসিক নথিত পৰিণত হোৱা বুলি উল্লেখ কৰি ই ভবিষ্যতৰ প্ৰজন্মক উৎসাহিত কৰিব বুলি কয়। বিৰোধী নেতা ৰাহুল গান্ধী সদনত উপস্থিত নথকাৰ বাবে বিজেপিয়ে সমালোচনা কৰে। সংসদ ভৱনৰ বাহিৰত আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে কয় যে বন্দে মাতৰম সন্দৰ্ভত এই গুৰুত্বপূর্ণ আলোচনাটি দেশৰ ঐক্য আৰু ইয়াৰ সংস্কৃতিৰ প্ৰতীকস্বৰূপ। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ সাংসদ সম্বিত পাত্রই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ভাষণে কংগ্রেছ দলে বন্দে মাতৰমৰ ক্ষেত্ৰত থকা বিশ্বাসঘাটকতা উদঙাই দিলে।
Site Admin | December 8, 2025 8:13 PM | Anurag singh thakur
লোকসভাত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণক ঐতিহাসিক নথিত পৰিণত হোৱা বুলি মন্তব্য সাংসদ অনুৰাগ সিং ঠাকুৰৰ