ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 28, 2025 8:02 PM | Loksabha

printer

লোকসভাত আজি সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত

ভাৰতীয় সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন আইন ১৯২৫ ৰ সলনি কৰি আজি লোকসভাত সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত হৈছে। বিধেয়কখনৰ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে কয় যে বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে পূৰ্বৰ আইনখনক সৰল কৰা। আইনখনৰ ধাৰণা সলনি নকৰাকৈ বুজিবলৈ সহজ কৰি তোলা৷ বিধেয়কখনৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বাহকৰ সৈতে জড়িত দায়িত্ব দায়বদ্ধতা, অধিকাৰ আৰু প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনে লগতে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে।