August 12, 2025 9:06 PM | LS Today

printer

লোকসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫ গৃহীত

ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫ আজি লোকসভাত গৃহীত হয়। এই বিধেয়কখনে জল পৰিবহণৰ সৈতে জড়িত আইন শক্তিশালী কৰা, বন্দসমূহেৰে হোৱা বাণিজ্যৰ নিয়মাৱলীৰ সৰলীকৰণ আৰু ভাৰতৰ বন্দসমূহৰ যথাযথ ব্যৱহাৰ সুনিশ্চিত কৰিব। বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে একবিংশ শতিকাৰ প্ৰত্যাহ্বান পূৰণ কৰিব পৰাকৈ এই আইনখন সমর্থ হ’ব। তেওঁ কয়, যে দেশৰ উপকূলৱৰ্তী ৰাজ্যসমূহত ৰাজ্যিক সমুদ্র বাণিজ্য পৰিষদ গঠনৰ বাবেও এই নতুন আইনখনত ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। তদুপৰি, সাগৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ, দুৰ্য্যোগ ব্যৱস্থাপনা. নিৰাপত্তা, জাহাজ পৰিবহণ আৰু বন্দৰসমূহৰ তথ্য প্ৰণালীৱদ্ধভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এই আইনখন সহায়ক হ’ব। শ্ৰীসোণোৱালে কয়, যে আন্তর্জাতিক নিয়মাৱলীৰ অধীনত বন্দৰ সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবেও এই আইনখনত ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলীষ্ঠ নেতৃত্বত দেশে সমুদ্র বাণিজ্য ক্ষেত্ৰত অভাৱনীয় সাফল্য অর্জন কৰিছে আৰু বন্দসমূহৰ ব্যৱহাৰৰ পৰিমাণ প্রায় ৮৭ শতাংশলৈ বৃদ্ধি পাইছে আৰু বন্দৰসমূহে বয়-বস্তু উঠোৱা-নমোৱাৰ পৰিমাণ বছৰি ৮৫৫ নিযুত টনলৈ বৃদ্ধি পাইছে। ইয়াৰ আগতে বিধেয়কখন সম্পৰ্কত হোৱা আলোচনাত অংশগ্ৰহণ কৰি দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই সাগৰীয় আৰু নৌ পৰিবহণ খণ্ডত দেশে অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰে আৰু বিধেয়কখনলৈ সমৰ্থন আগবঢ়ায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।