লোকসভাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত কালি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিশ্বৰ কোনো নেতাই ভাৰতক এই অভিযান বন্ধ কৰিবলৈ কোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেঁচাত পাকিস্তানৰ সৈতে সংঘৰ্ষ বিৰামৰ বাবে দেশে সন্মতি প্ৰদান কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰাৰ সময়তে প্রধানমন্ত্ৰীগৰাকীৰ এই মন্তব্যক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। তেওঁ কয়, যে পাকিস্তানী পক্ষই আৰু অধিক কষ্ট সহ্য কৰিব নোৱাৰি বুলি ভাৰতক এই অভিযান বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। শ্রীমোদীয়ে কয়, যে যদিহে পাকিস্তানে আক্ৰমণ কৰে, তেতিয়া প্ৰতিক্ৰিয়া হিচাপে ভাৰতে বৃহৎ প্রত্যাক্রমণ চলাব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনাৰ সময়তে স্পষ্ট কৰি দিয়া হৈছিল। লোকসভাত অনুষ্ঠিত এই বিশেষ আলোচনাত ভাগ লৈ শ্ৰীমোদীয়ে কয়, যে অভিযানৰ সময়ত ভাৰতে পাকিস্তানৰ সীমাৰ ভালেখিনি ভিতৰত থকা সন্ত্ৰাসবাদীৰ শিবিৰসমূহ ধ্বংস কৰিছিল। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সশস্ত্র বাহিনীয়ে মাত্র ২২ মিনিটৰ ভিতৰতে এই অভিযান সম্পূৰ্ণ কৰা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতে কোনোধৰণৰ পাৰমাণৱিক ভাবুকিৰ আগত শিৰনত নকৰে বুলি বিশ্বৰ আগত স্থিতি স্পষ্ট কৰি দিছে। সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’লে দেশে নিজৰ ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি সিন্দূৰ অভিযানৰ জৰিয়তে স্পষ্ট কৰি দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতে সন্ত্রাসবাদৰ আঁৰত থকা ব্যক্তি আৰু সন্ত্ৰাসবাদীক সমর্থন কৰা চৰকাৰক পৃথক সত্বা হিচাপে গণ্য নকৰে।
প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে এই অভিযানৰ সময়ছোৱাত আত্মনিৰ্ভৰশীল ভাৰতৰ শক্তি সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল আৰু ভাৰতত নিৰ্মিত ড্রোন তথা ক্ষেপণাস্ত্রই পাকিস্তানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ সামৰ্থক উদঙাই দিছিল। এই অভিযানৰ সময়ত পাকিস্তানৰ বিমানকোঠ আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। ভাষণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সিন্দূৰ অভিযানত কংগ্ৰেছে দেশক সমৰ্থন নকৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি কংগ্ৰেছৰ কেতিয়াও স্পষ্ট দৃষ্টিভংগী নাছিল আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ দুৰ্বল শাসন ব্যৱস্থাৰ ফলত সন্ত্রাসবাদীয়ে বহু সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি লৈছিল। ইয়াৰ পূৰ্বে আলোচনাত ভাগ লৈ গৃহমন্ত্রী অমিত শ্বাহে কয়, যে লস্কৰ-ই-তৈবা সন্ত্রাসবাদী গোটে পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিবৰ দিনাই কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকসকলৰ প্ৰতি ন্যায় প্ৰদানৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৭ মে’ৰ নিশা চলোৱা অভিযানত শতাধিক সন্ত্রাসবাদী নিহত হৈছিল বুলি শ্ৰীশ্বাহে প্ৰকাশ কৰে। তেওঁ কয়, যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰি আহিছে। গৃহমন্ত্ৰীগৰাকীয়ে ভাষণৰ সময়ছোৱাত প্ৰাক্তন গৃহমন্ত্রী পি চিডাম্বৰৰ্মক এই অভিযানৰ প্ৰমাণ বিচৰাৰ বাবে সমালোচনা কৰে। তেওঁ কয়, যে সিন্দুৰ অভিযানে সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানৰ মুখা খুলি দিছে। সকলো কথাৰে ৰাজনীতিকৰণ কৰাৰ বাবে তেওঁ বিৰোধী দলৰ সমালোচনা কৰে ।
আলোচনাত অংশ লৈ লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয়, যে পাকিস্তানে এটা অমানৱীয় আক্ৰমণৰ পৰিকল্পনা কৰাৰ লগতে তাক ৰূপায়িত কৰে। সিন্দুৰ অভিযানৰ সময়ছোৱাত বিৰোধী দলসমূহ চৰকাৰৰ সৈতে শিলৰ দৰে থিয় হৈ আছিল বুলি প্ৰকাশ কৰে।
লোকসভাত কালি অনুষ্ঠিত এই আলোচনাত অংশ লৈ ডি এম কেৰ কে কানিমোঝীয়ে কয়, যে গৃহমন্ত্ৰী শ্ৰীশ্বাহে বিৰোধীৰ সমালোচনা কৰিছে আৰু অন্য দলসমূহক কম দেশপ্রেমী বুলি কোৱা যেন বোধ হৈছে। কিন্তু ডি এম কেই কেতিয়াও দেশক প্ৰতাৰণা কৰা নাই বুলি উল্লেখ কৰে। আলোচনাত অংশ লৈ সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱে সংঘর্ষ বিৰামৰ ঘোষণাক লৈ প্ৰশ্ন উত্থাপন কৰে। ভৱিষ্যতে দেশৰ নাগৰিকৰ সুৰক্ষাক লৈ চৰকাৰে কেনেধৰণৰ পদক্ষেপ লৈছে বুলিও তেওঁ প্ৰশ্ন কৰে। কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে আলোচনাত ভাগ লৈ সশস্ত্র বাহিনীসমূহৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ কয়, যে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হোৱা স্বত্বেও ঘটনা সংঘটিত হোৱা ঠাইত কোনোধৰণৰ চিকিৎসা ব্যৱস্থা নাছিল। জম্মু আৰু কাশ্মীৰত সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হোৱা বুলি তেওঁ চৰকাৰৰ সমালোচনা কৰে।
ইপিনে শিৱসেনাৰ শ্ৰীকান্ত সিন্দেই সিন্দূৰ অভিযানৰ পাছত বিশ্বৰ বিভিন্ন দেশলৈ গৈ ভাৰতৰ বাৰ্তা দিয়া প্ৰতিনিধি দলৰ অংশ হ’বলৈ সুযোগ দিয়া বাবে এন ডি এ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। টি এম চিৰ চায়নি ঘোষে আলোচনাত ভাগ লৈ পেহেলগামত আৰক্ষীয়ে কিয় সময়মতে উপস্থিত হ’ব নোৱাৰিলে বুলি প্রশ্ন উত্থাপন কৰে। আলোচনাত বিজেপিৰ নিশিকান্ত ডুবে, ডি এম কেৰ এ ৰাজ্জাক, আই ইউ এম এলৰ মহম্মদ ৱাছিৰ, কংগ্ৰেছৰ কে চি বেণুগোপাল, শিৰোমণি আকালি দলৰ হৰচিমৰত কৌৰ বাদল আৰু সমাজবাদী পার্টিৰ ডিম্পল যাদৱকে ধৰি ভালেসংখ্যক সাংসদে ভাগ লয়। উল্লেখযোগ্য যে প্রধানমন্ত্ৰীৰ উত্তৰৰ পাছতে কালি আলোচনা স্থগিত ৰখা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।