লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা পুনৰ অনুষ্ঠিত হ’ব। অপাৰেচন সিন্দূৰক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক অভিযান হিচাপে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি এই আলোচনা আৰম্ভ কৰিছিল। এই আলোচনাত অংশ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয়, যে পেহেলগাম আক্রমণক ভাৰতৰ সামৰিক সঁহাৰিয়ে প্ৰতিহত কৰিছে। তেওঁ ভাৰতে কোনো কাৰণতে সন্ত্রাসবাদেৰে জড়িত চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সহাৱস্থান কৰিব নোৱাৰে বুলি উল্লেখ কৰে। তেওঁ কয়, যে অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত নতুন পৰ্যায়ৰ সূচনা কৰিছে। ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে সিন্ধু জল চুক্তি স্থগিতকৰণ। ভাৰত-পাকিস্তানৰ সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত বিদেশ ৰাষ্ট্ৰৰ মধ্যস্থতাৰ কথা অস্বীকাৰ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, যে এইক্ষেত্ৰত আমেৰিকাৰ কোনো ভূমিকা নাই। বর্তমান চলি থকা বাণিজ্যিক আলোচনা আৰু সামৰিক কাৰ্যকলাপৰ মাজতো কোনো ধৰণৰ সম্পৰ্ক নাই বুলি ড০ জয়শংকৰে মন্তব্য কৰে। ২৬/১১ৰ মুম্বাই আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ পূৰ্বৰ চৰকাৰৰ সন্ত্ৰাসবাদ নির্মূলকৰণ আৰু বৈদেশিক নীতি ফলপ্ৰসূকৰণক লৈ সমালোচনা কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে অপাৰেচন সিন্দূৰ কেৱল এটা সামৰিক অভিযানেই নাছিল, বৰং ই হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, পৰিচয় তথা জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে৷ ভাৰতৰ নীতিৰ ফলপ্ৰসু আৰু নিৰ্ণায়ক প্ৰদর্শন। শ্রীসিঙে কয়, যে জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই আৰম্ভ কৰা অপাৰেচন সিন্দুৰ দেশৰ সশস্ত্র বাহিনীসমূহৰ দ্বাৰা এটা সুংসহত আক্ৰমণ আছিল আৰু এই আক্রমণে ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। এই অভিযানত ১০০ৰো অধিক সন্ত্রাসবাদী, সন্ত্রাসবাদীৰ প্ৰশিক্ষণৰ সৈতে জড়িত লোক নিহত হয় আৰু এইসমূহৰ অধিকাংশই জইছ-এ-মহম্মদ, লস্কৰ-ই-তৈয়বা আৰু হিজবুল মুজাহিদিন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত আছিল।
পেহেলগাম সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ পৰিয়ালক ন্যায় প্ৰদানৰ উদ্দেশ্যৰেই অপাৰেচন সিন্দূৰ অভিযান চলোৱা হৈছিল বুলি শ্রীসিঙে মন্তব্য কৰে। তেওঁ কয়, যে সন্ত্ৰাসবাদীৰ শিৱিৰসমূহ ধ্বংস কৰাৰ লগতে পাকিস্তানলৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূণ্য সহনশীলতাৰ স্পষ্ট বার্তা প্ৰেৰণৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, ড্রোন প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে গর্ববোধ কৰে।
আলোচনাত ভাগ লৈ লোকসভাৰ কংগ্ৰেছ দলৰ দলপতি গৌৰৱ গগৈয়ে অভিযোগ কৰি কয়, যে বিৰোধী পক্ষই অপাৰেচন সিন্দূৰ সন্দৰ্ভত সদনত বিশেষ আলোচনাৰ বাবে দাবী জনাইছিল, কিন্তু চৰকাৰে অপাৰেচন সিন্দূৰৰ মূল বিষয়বোৰ আওকাণ কৰিছে। তেওঁ কয়, যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহুসময় বক্তৃতা দিলে, কিন্তু সন্ত্রাসবাদীয়ে কেনেকৈ পেহেলগামত প্ৰৱেশ কৰিলে আৰু কেনেকৈ ২৬ জনকৈ নিৰপৰাধী লোকক হত্যা কৰিবলৈ পালে, সেই প্ৰশ্নৰ উত্তৰ এৰাই চলিলে। অপাৰেচন সিন্দুৰ সন্দৰ্ভত সকলো তথ্য চৰকাৰে প্ৰকাশ কৰা নাই বুলিও শ্ৰীগগৈয়ে অভিযোগ কৰে।
এই আলোচনাত অংশ লৈ সমাজবাদী পাৰ্টিৰ ৰামাশংকৰ ৰাজভৰেই কয়, যে পেহেলগাম আক্ৰমণৰ মূল অভিযুক্ত এতিয়াও পলাতক হৈ আছে। জম্মু-কাশ্মীৰৰ নিৰাপত্তা সন্দৰ্ভতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে সশস্ত্র বাহিনীৰ বীৰত্বক প্রশংসা নকৰাৰ বাবে বিৰোধীক সমালোচনা কৰে। তেওঁ কয়, যে জম্মু আৰু কাশ্মীৰত অপাৰেচন মহাদেৱ অব্যাহত আছে আৰু পেহেলগাম আক্ৰমণৰ সৈতে জড়িত এজন সন্ত্রাসবাদী এই অভিযানত মৃত্যু মুখত পৰিছে। লোক জনশক্তি পাৰ্টিৰ শ্বম্ভাৱীয়ে কয়, যে এই আক্ৰমণ কেৱল নাগৰিকৰ ওপৰত হোৱা আক্ৰমণ নহয়, বৰঞ্চ ই হৈছে সমগ্ৰ মানৱতাৰ ওপৰত চলা আক্রমণ ।
Site Admin | July 29, 2025 9:58 AM | operation sindoor | Parliament Session
লোকসভাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা পুনৰ অনুষ্ঠিত হ’ব
