ডাউনলোড
মোবাইল এপ

android apple
signal

August 20, 2025 8:47 PM | Parliament Session

printer

লোকসভাত অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ গৃহীত

লোকসভাত আজি অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ই-ক্রীড়া আৰু অনলাইন ছ’চিয়েল গেমসমূহত উৎসাহ যোগোৱাৰ বিপৰীতে ধনৰ বিনিময়ত প্ৰদান কৰা ক্ষতিকাৰক অনলাইন গেমিং সেৱা, বিজ্ঞাপন আৰু এনে খেলৰ সৈতে জড়িত বিত্তীয় লেন-দেন নিষিদ্ধ কৰিব খোজা হৈছে। বিধেয়কখনত সমন্বিত নীতিগত সহযোগিতা, ৰণনীতিৰ বিকাশ আৰু  খণ্ডটোৰ নিয়ন্ত্ৰণৰ বাবে অনলাইন গেমিং প্ৰাধিকৰণ নিযুক্তিৰ ব্যৱস্থা আছে। এই খেলসমূহৰ সৈতে জড়িত বিৰূপ প্ৰভাৱৰ পৰা বিশেষকৈ যুৱ-প্ৰজন্ম আৰু সহজেই বলি হ’ব পৰা লোকসকলক সুৰক্ষা প্ৰদান কৰাই বিধেয়কখনৰ মূল উদ্দেশ্য।
সংসদত এই বিধেয়কখন উত্থাপন কৰি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিগত ১১ বছৰত ডিজিটেল প্রযুক্তি খণ্ডৰ যথেষ্ট প্ৰসাৰ ঘটিছে আৰু এই খণ্ডত ভালেমান ষ্টার্টআপে কাম কৰি আছে। অনলাইন গেমিঙৰ সৈতে জড়িত বিত্তীয় লেনদেনে সমাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি শ্রীবৈষ্ণৱে কয় যে এই গেমিং আসক্তিয়ে বিত্তীয় ঠগ প্ৰৱঞ্চনা বৃদ্ধি কৰিছে। তেওঁ কয় যে বহু পৰিয়ালে এনে অনলাইন গেমৰ বাবে বিত্তীয় সমস্যাৰো সন্মুখীন হৈছে। তদুপৰি, বহুবোৰ অনলাইন গেম ক’লা ধন বৈধকৰণ আৰু সন্ত্ৰাসবাদীক বিত্তীয় যোগান কাৰ্যতো জড়িত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
ইয়াৰ পূৰ্বে অধ্যক্ষ ওম বিৰলাই অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫ক এখন গুৰুত্বপূৰ্ণ বিধেয়ক বুলি অভিহিত কৰি কয় যে দেশত এনে অনলাইন গেমৰ বাবে আত্মহত্যা আৰু বিত্তীয় হানিৰ দৰে বহু ঘটনা সংঘটিত হৈছে। তেওঁ প্ৰতিবাদৰত সদস্যসকলক এই বিধেয়ক সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।